ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ(National Welfare Council) নামৰ ৰাষ্ট্ৰীয় সামাজিক সংগঠনটোৱে জিলা খনৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আহিছে । কালি স্বেচ্ছাসেৱী সংগঠনটোৱে নলবাৰী চহৰস্থিত নলবাৰী সত্র মজলীয়া বিদ্যালয়ৰ ছাত্র ছাত্রী আৰু শিক্ষক শিক্ষয়িত্রী সকলৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি আৰু মহামাৰী কভিডৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে বিদ্যালয় খনৰ প্ৰাংগনত গছপুলি ৰোপন কৰে ।স্বেচ্ছাসেৱী সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ (মহিলা প্ৰভাগ ) সভানেত্রী জিমনি তামুলী আৰু সাধাৰণ সম্পাদিকা বিজুলী কলিতাৰ নেতৃত্বত অনুস্থিত অনুস্থানটোত সংগঠনটোৰ সদস্য দীপামনি বৈশ্য , বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকল উপস্থিত থাকি সহযোগিতা কৰে । স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে সংগঠনটোলৈ শুভেচ্ছা জনায় আৰু ভৱিষ্যতে বিভিন্ন সামাজিক কাম কাজ কৰিবলৈ আহ্বান জনায় বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকলে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…