ৰৌতাচাৰিআলি প্ৰতিবেদক :ৰাজ্য চৰকাৰে প্ৰতি বছৰে আদিবাসী আৰু চাহ জনজাতিৰ শিক্ষিত দুখীয়া মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৰ্থিক ভাৱে সকাহ দিয়াৰ উদ্দেশ্য প্ৰৱৰ্তন কৰিছিল শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনি । এই আচঁনিখনৰ জৰিয়তে প্ৰতি বছৰে ২৫ হাজাৰ টকা আগবঢ়োৱা হৈছিল । যদিওঁ পৰবৰ্তী সময়ত এই আচঁনিখনৰ ধন ২৫ হাজাৰ টকাৰ পৰিবৰ্তে ৰাজ্য চৰকাৰে ১২ হাজাৰ টকাহে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে , ঢেকীয়াজুলিত বৃটিছৰ গুলীত মৃত্যুৱৰণ কৰা শ্বহীদ দয়াল দাস পানিকাৰ নামত ঘোষণা কৰা এই আচঁনিৰধন ৰাজ্যখনৰ প্ৰতিখন জিলাতে পাবলৈ সক্ষম হ’ল যদিও ওদালগুৰি জিলাত এই আচঁনিৰধন আজি এটা বছৰে শিক্ষিত নিবনুৱা যুবক-যুৱতী সকলে কিন্তু পাবলৈ সক্ষম নহ’ল। এই সন্দৰ্ভত ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক -যুৱতীসকলে বিৰ্ভাগীয কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছত বাচনি তালিকা এখন প্ৰকাশ কৰিছিল যদিও সেই বাচনি তালিকাখন প্ৰকাশ হোৱা আজি তিনি চাৰি মাহ হ’ল তথাপি আজি পৰ্য্যন্ত ওদালগুৰি জিলাত আদিবাসী যুৱক-যুৱতীৰ সকলে আচঁনখনৰ ধন পাবলৈ সক্ষম হোৱা নাই। শিক্ষিত মেধা সম্পূৰ্ণ আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনিখন ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক কিয় বঞ্চিত কৰা হ’ল । ইয়াকে লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে নিবনুৱা যুৱক-যুৱতীসকলে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…