মঙলদৈ প্ৰতিবেদক: দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মা সহ ৪ গৰাকীলৈ দুৰ্ণীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে শূণ্য সহনশীল বটাঁ। আজি সংগঠনটোৰ পৰা প্ৰকাশ কৰা অনুসৰি, দৰঙত যোগদান কৰিয়েই ড্ৰাগচ সহ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাই যি ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবেই এই বটাৰ বাবে মনোনীত কৰা হৈছে। আগন্তুক ডিচেম্বৰ মাহৰ ৯ তাৰিখে গুৱাহাটী জিলা পুথিভৰালত এই সন্মান প্ৰদান কৰি উৎসাহিত কৰা হব। লক্ষনীয় যে, একেটা অনুষ্ঠানে দৰং জিলা বিজেপিৰ যুৱ নেতা বসন্তদেৱ গোস্বামী, ছিপাঝাৰৰ দুই সাংবাদিক ক্ৰমে নৱ কুমাৰ শইকীয়া আৰু ঋষিপদ চহৰীয়ালৈয়ো শূণ্য সহনশীল বটা আগবঢ়োৱা হৈছে। ১৯৯৫ চনতে সক্ৰিয় ৰাজনীতিত যোগদান কৰা বসন্তদেৱ গোস্বামীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু অত্যন্ত সক্ৰিয়তাৰে সমাজ সেৱা মূলক কাম কৰি আহিছে। প্ৰতীক্ষা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিস্হাপক সভাপতি গোস্বামীয়ে বিভিন্ন সময়ত দুৰ্ণীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে সমাজৰ নিচলা, শ্ৰমিকগোষ্ঠীৰ বিপদত সহায় সহযোগ কৰি আহিছে। গোস্বামীৰ বিগত ২৭ বছৰীয়া সমাজসেৱা মূলক তথা ৰাজনীতিত যি বলিষ্ঠ ভূমিকা তাৰ বাবেই এই বটালৈ মনোনীত কৰিছে। ইপিনে, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ছিপাঝাৰৰ নৱ কুমাৰ শইকীয়া আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ঋষিপদ চহৰীয়ালৈয়ো এই বটা আগবঢ়োৱা হৈছে। লক্ষনীয় যে, ছিপাঝাৰ প্ৰেছ গীল্ডৰ প্ৰাক্তন সম্পাদক, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্য তথা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা সাংবাদিক নৱ কুমাৰ শইকীয়াই ২০১১ চনত আপকুৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ত প্ৰৱৰ্ত্তিত মন্টুমোহন দাস সোৱৰনী শ্ৰেষ্ঠ সাংবাদিকতা বটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ তৰফৰ পৰাও বিজেপিৰ দৰং জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক যুৱনেতা বিতুপন ডেকাক ১৯ নৱেম্বৰ ২০২১ তাৰিখে আগবঢ়াব প্ৰাগজ্যোতিষ বঁটা (যুৱ সংগঠক) ২০২১৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…