ওৰাঙৰ পাউৰীপোটা হাইস্কুলত BPL ছাত্ৰক চাইকেল বিতৰণ

ওদালগুৰি, প্ৰতিবেদক :ওদালগুৰি জিলাৰ ওৰাং মৌজাৰ এক গ্ৰাম্যাঞ্চল পাউৰীপোটা হাইস্কুলত ১৩  দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ঊনসত্তৰ ছাত্ৰক চৰকাৰী আচনিৰ নতুন চাইকেল বিতৰণ কৰা হয় ।প্ৰধান শিক্ষক  ভৱেন হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত BPL ছাত্ৰৰ চাইকেল বিতৰণ কাৰ্যৰ শুভ উন্মোচন কৰে বিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ ডেকাই ।উন্মোচনী ভাষণত তেওঁ বিদ্যালয় আৰু বিদ্যাৰ্থীলৈ চৰকাৰে আগবঢ়োৱা বিভিন্ন কল্যাণমূলক আচনিৰ জৰিয়তে পূৰ্বৰ চৰকাৰৰ তুলনাত আশাপ্ৰদভাবে বহু উপকৃত হৈছে ।প্ৰধান শিক্ষক ভৱেন হাজৰিকাইও চৰকাৰী এনেধৰণৰ আচনিৰ জৰিয়তে বিশেষকৈ শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰেৰণা আৰু বিকাশ সাধনত অৰিহণা যোগাব বুলি অভিমত কৰে

Related Articles