কাকজান,প্ৰতিবেদক : সদৌ অসম সাহিত্য সংস্কৃতি মূলক অনুষ্ঠান “সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম “য়ে টীয়কৰ যুগসম্ভৱা কবি ববী দত্তলৈ আগবঢ়াইছে “কাব্য স্বৰ্ণ বঁটা”। সাহিত্য আৰু কাব্য জগতলৈ আগবঢ়োৱা বহুমূলীয়া বৰঙণিৰ বাবে তেখেতলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। ২৮ নৱেম্বৰ ২০২১ তাৰিখে “অসম সাহিত্য সভা ভৱনৰ ,জয়ন্ত বৰুৱা সভাকক্ষ”ত “সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চ,অসম’ৰ বাৰ্ষিক অধিবেশনত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।ববী দত্ত বৰ্তমান সময়ৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি। ববী দত্তই বৰ্তমান লৈকে বহু কেইখন কাব্য গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। এই কাব্য গ্ৰন্থ সমূহৰ ভিতৰত শীতৰ হিমাদ্রি পুৱা,মাটিত পৃথিৱীৰে মিঠা,ববী দত্তৰ লিমাৰিক,প্ৰণয়ৰ নূপুৰ ৰাগিনী,এটা মৌন প্ৰাৰ্থনা :ঈশ্বৰৰ কথা, হেঁপাহৰ ভৰুণ পৃথিৱী,মৰ-চেওঁৰা,আৰু দ্বী ভাষিক কাব্য গ্ৰন্থ(অসমীয়া আৰু ইংৰাজী ভাষাত) “‘Love:The Melodies of Anklet”কাব্য গ্ৰন্থই বিপুল জনপ্ৰিয়তা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰাবলৈ সক্ষম হোৱা ববী দত্তই নেপাল কাঠমাণ্ডুত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন”তো অংশ গ্ৰহণ কৰিছিল,বিশেষ ভাবে নিমন্ত্ৰণ লাভ কৰি। উল্লেখযোগ্য যে ববী দত্তৰ আৰু তিনিখন কাব্য গ্ৰন্থ অহা জানুৱাৰী মাহত উন্মোচনৰ বাবে সাজু হৈছে ।এই সমূহৰ মাজৰে “আই-পিতাই” কাব্যগ্ৰন্থ খন চাৰিটা ভাষাত (অসমীয়া,ইংৰাজী,হিন্দী,আৰু বাংলা)প্ৰকাশৰ পথত।বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ববী দত্ত তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী লীলা কান্ত দত্ত আৰু ৰিনা দত্তৰ জ্যেষ্ঠ কন্যা।

