,জামুগুৰিহাট,প্ৰতিবেদক:- জামুগুৰিহাটত শামুকীয়া গতিৰে চলিছে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য। চকীঘাটৰ পৰা জামুগুৰিহাটৰ পেট্ৰ’ল ডিপোলৈকে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স নামৰ কোম্পানীটোৱে লেহেম গতিৰে কাম চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত এতিয়া অস্বস্তিত পৰিছে অঞ্চলটোৰ ৰাইজ।নিৰ্মাণ কাৰ্য চলি পথৰ মাজত নিৰ্মাণকাৰী সংস্থাই অৰ্ধ নিৰ্মিত অৱস্থাত ৰাখি থোৱা পকী কালভাৰ্ট সমূহেও ৰাইজক বিপদত পেলাইছে। উন্মুক্ত অৱস্থাত থকা এই অৰ্ধ নিৰ্মিত পকী কালভাৰ্টত পৰি ইতিমধ্যে বহু লোক ঘুণীয়া হৈছে। অতিকৈ লেহেমীয়া গতিৰে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা এই ছিমপ্লেক্স কোম্পানীৰ পৰা এতিয়া দায়িত্ব কৰ্তন কৰি অন্য কোনো পথ নিৰ্মাণকাৰী সংস্থাক পথ নিৰ্মাণৰ দায়িত্ব দিবলৈ ৰাইজে দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…