বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্যবাসীক চিন্তিত কৰি তোলা সময়তে ওদালগুৰি জিলাৰ ওৰাঙৰ উদ্যমী যুৱক দিপক বৰ্মন নামৰ লোকজনে আৰম্ভ কৰিছে “মা ফুড ডিপুট “নামৰ এক প্ৰশংসনীয় সেৱা মুলক ব্যৱসায় প্ৰতিষ্ঠান । ৭০ন মাজবাট বিধান সভা সমষ্টিৰ তথা বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত ওৰাং মাজবাট ৰোডত শুভাৰম্ভণি কৰা উক্ত সেৱা মুলক ব্যৱসায় প্ৰতিষ্ঠান টোত মানুহৰ দৈনন্দিন জীৱনত অৰ্হনিশে ব্যৱহাৰ হোৱা সকলো ধৰণৰ খাদ্য সামগ্ৰী যেনে ডাইল ,চেনী,চাউল আদি সকলো সামগ্ৰী পেকেটিং কৰি গ্ৰাহক সকলক সুলভ মুল্যত যোগান ধৰিছে । ওৰাঙৰ উদ্যমী যুৱক দিপক বৰ্মনৰ “মা ফুড ডিপুট নামৰ ব্যৱসায় প্রতিষ্ঠান খনে খাদ্য সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত নিত্য নৈমিত্তিক প্ৰয়োজনীয় সকলো ধৰণৰ সা – সামগ্ৰী যোগান ধৰি ৰাইজক নিষ্ঠা ,দায়িত্ব সহকাৰে সেৱা কৰাৰ লগতে নিজা নিজা সেৱামূলক প্ৰতিষ্ঠান আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে । ৰাজ্যত বহিৰাজ্যৰ পৰা আহি বহু লোকে ব্যৱসায় কৰি থকা সময়তে অসম সন্তান খিলঞ্জীয়া যুৱক সকলে অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নাথাকি এইধৰণৰ ব্যৱসায় আৰম্ভ কৰাত অঞ্চল বাসীয়ে উদ্যমী যুৱক তথা নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এক উদাহৰণ স্বৰূপ হৈ উঠা উক্ত ব্যৱসায়ৰ স্থলীৰ স্বত্বাধিকাৰী বৰ্মনক স্থানীয় ৰাইজে শলাগিছে । স্বত্বাধিকাৰী বৰ্মনে জানিব দিয়া মতে তেওঁৰ দোকানত মাহেলি অতি কমেও এবাৰত ১০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহক সকলৰ মাজত লটাৰী খেল পাতি প্ৰতিমাহে গ্ৰাহক সকলক উপহাৰ দিয়াৰো চিন্তা চর্চা আগবঢ়াইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…