অসমৰ একমাত্ৰ পক্ষী অভায়ৰণ্য দীপৰ বিলক সংৰক্ষণ কৰাৰ বাবে চৰকাৰে বহু আচনি হাতত লোৱা বুলি ঘোষণা কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । তাৰ বিপৰতে এটা চক্ৰই মাছ মৰাৰ চলেৰে বিলখনত জলকেলি কৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই আৰু বিৰল প্ৰজাতিৰ বিভিন্ন কাছ নিধন কৰি অহা বুলি গুৰুতৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ অনুসৰি দীপৰ বিলৰ পানী ব্ৰহ্মপুত্ৰলৈ গতি কৰাৰ সময়তে এটা চক্ৰই খানা নৈ আৰু বিলৰ সংযোগ স্থানতে স্থাপন কৰিছে এটা বৃহৎ মাছ মৰা বান্ধ । স্হানীয় ভাষাত এই বান্ধটোৰ নাম হল সাৰ বান্ধ । পানীৰ সোত ব্ৰহ্মপুত্ৰৰ ফালে ধাৱমান হোৱাৰ লগে লগে বিলখনত থকা বিভিন্ন প্ৰজাতিৰ বিৰল কাছৰ লগতে ৰৌ,ভকুৱা, মিৰিকা,বৰালি, চিতল,কালজাল আদিকে ধৰি মাছ সমুহ ওলাই আহে । কিন্তু বিলখনৰ মুখতে বহুওৱা বান্ধত মাছ,কাছ সমূহ আৱদ্ধ হৈ পৰে । মাছ মৰা চক্ৰটোৱে আৱদ্ধ হোৱা মাছবোৰ বজাৰত বিক্ৰী কৰাৰ লগতে বিৰল প্ৰজাতিৰ কাছবোৰ গোপনে বিক্ৰী কৰে । আনহাতে শীতৰ আগমণৰ লগেলগে বিলখনলৈ আহিছে দেশী বিদেশী বহু পৰিভ্ৰমী বিহংগ । অভিযোগ অনুসৰি মাছমৰা চক্ৰটোৱে নিশাৰ ভাগত বিলখনত জলকেলি কৰি থকা চৰাই নিধন কৰি ভক্ষণ কৰি অহা বুলি স্হানীয় একাংশলোকে গুৰুতৰ অভিযোগ তুলিছে । উল্লেখনীয় যে বিলখনৰ তদাৰক কৰাৰ বাবে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা বিয়াগোম দল নিয়োজিত কৰা আছে যদিও তেওলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি চকুমুদা কুলিৰ ভাওহে ধৰি থাকে । যাৰবাবে দীপৰ বিলৰ সংৰক্ষণৰ বাবে মাতমাতি অহা প্ৰকৃতিপ্ৰেমী সংগঠন সমূহকে ধৰি স্হানীয় লোকসকলে দীপৰৰ মুখত অবৈধভাবে স্হাপন কৰা মাছ মৰা বান্ধটো শীঘ্ৰে উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…