ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ,পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি সন্ধিয়া বঙাইগাঁওস্থিত গান্ধী ময়দানত অসংগঠিত শ্ৰমিকৰ এখন সজাগতা শিবিৰ আৰু ই-শ্ৰম কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ই- শ্ৰম কাৰ্ড বিতৰণ কৰে ৷ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী তেলীয়ে কয় যে শ্ৰমিকসকলে ই- পঞ্জীয়ন ঘৰত থাকিও কৰিব পাৰে ৷ কেৱল শিবিৰতে নহয়।পঞ্জীয়ন বিনামূলীয়া। পঞ্জীয়নৰ বাবে শ্ৰম বিভাগে পঞ্জীয়ন মাচুল দিব।শ্ৰমিকসকলে ই-পঞ্জীয়ন কৰিব লাগে-কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে। এই কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলে বিভিন্ন সা- সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰণালয়ে শ্ৰমিকসকলৰ বাবে অসমত দুখনকৈ চিকিৎসালয় স্থাপন কৰিব ৷ ইয়াৰ ভিতৰত তিনচুকিয়াত এখন ১০০ খন বিচনাযুক্ত আৰু গুৱাহাটীৰ বেলতলাত ২০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ’ব ৷ ইতিমধ্যে মঙলবাৰে ১৪২ কোটি টকাৰে গুৱাহাটীৰ বেলতলাত স্থাপন কৰিবলগীয়া চিকিৎসালয়খনৰ কাম আৰম্ভ কৰা হৈছে ৷ আনহাতে ই – শ্ৰম কাৰ্ড সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ভাৰতবৰ্ষত মুঠ ৩৮ কোটি শ্ৰমিকৰ ই- শ্ৰম পঞ্জীয়ন কৰা হ’ব। সেইদৰে অসমত ১ কোটি শ্ৰমিকৰ পঞ্জীয়ন কৰা হ’ব। ইতিমধ্যে ভাৰতৰ ৮ কোটি শ্ৰমিকক পঞ্জীয়ন কৰা হৈছে। আনহাতে বঙাইগাঁৱত বৰ্তমানলৈ ৬০, ০০০ ৰৰো অধিক শ্ৰমিকৰ ই-পঞ্জীয়ন কৰা হৈছে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে সমগ্ৰ অসমত যিদৰে এই কাম হ’ব লাগিছিল তেনেকৈ হৈ উঠা নাই ৷ ই – শ্ৰম কাৰ্ডৰ পঞ্জীয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত উৰিষ্যা এক নম্বৰত আছে ৷ ৰাজ্যখনৰ প্ৰায় নব্বৈ শতাংশ মানুহে এই ই- শ্ৰম কাৰ্ডৰ পঞ্জীয়ন কৰিছে ৷ ইযাৰ বিপৰীতে মোৰ নিজৰ ৰাজ্য অসমৰ স্থান নৱমলৈ অৱনমিত হৈছে ৷ গতিকে আমি এক নম্বৰ স্থানৰ কথা নাভাবো ৷ কিন্তু যাতে অন্তত ৰাজ্যখনে পাঁচ নম্বৰ স্থানত থাকে তাৰ বাবে সকলোকে ই- শ্ৰম পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে ই-পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড থাকিব লাগে। যিসকলে আয়কৰ দিয়ে, যিসকলৰ পি এফত টকা জমা হয় তেওঁলোকৰ পঞ্জীয়ন নহয়। ঘৰুৱা কাম কৰা, খেতি পথাৰত কাম কৰা ,আশাকৰ্মী, জবকাৰ্ডৰ শ্ৰমিকৰ পঞ্জীয়ন হ’ব।পঞ্জীয়ন কৰিলে ই-শ্ৰম কাৰ্ড পাব আৰু লগে লগে তেওঁৰ ২ লাখ টকাৰ বীমা হ’ব। বেংকৰ একাউণ্ট থাকিব লাগে ই- শ্ৰম কাৰ্ডৰ বাবে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা সংবাদ কৰ্মীসকলোকো এই ই- শ্ৰম কাৰ্ড কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া(আই এ এচ) ই মন্ত্ৰীগৰাকীক বঙাইগাঁৱলৈ আহি ই-শ্ৰম কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ই-শ্ৰম কাৰ্ডৰ বাবে মহিলাসকলৰ উপস্থিতি দেখি সন্তোষ প্ৰকাশ কৰে।জিলা শ্ৰম বিষয়া দেৱজিত কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠান মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সচিব বীৰেন্দ্ৰ মিট্টাল আৰু অতিৰিক্ত ব্যক্তিগত সচিব ভগীৰথ চৌধুৰীও উপস্থিত থাকে। অনুষ্ঠানত কেইবাগৰাকীও শ্ৰমিকক ই- শ্ৰম কাৰ্জ বিতৰণ কৰে ৷ লহতে ভাল কামৰ বাবে সমূহীয়া সেৱা কেন্দ্ৰৰ তিনিগৰাকী কৰ্মীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠাৰ পিচতে বঙাইগাঁও শোধনাগাৰলৈ যায় আৰু ইয়াতে শোধনাগাৰৰ বিষয়ববীয়াসকলৰ লগত এক সভাত মিলিত হ’ব ৷ বুধবাৰে এক সম্বৰ্ধনা অনুষ্ঠানটো উপস্থিত থাকিব ৷ তাৰ পিচতে কোকৰাঝাৰলৈ যাব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…