কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাত আন আন বছৰৰ দৰে এইবাৰো পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ। চৰকাৰী নিৰ্দেশনা মানি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাৰ পৰা ৰাস মহোৎসৱৰ ক্ৰমে দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ চন্দ্ৰ পাঠকে, ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই, বৃক্ষৰোপন কৰে ক্ৰমে দ্বীনবন্ধু ঠাকুৰীয়া, মহিমা পাঠক আৰু ৰত্নেশ্বৰ কলিতাই, স্মৃতি তৰ্পণ কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে,ইয়াৰ পিছত শ্বহীদ বেদীত মাল্যাৰ্পন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অহা ২৩ নবেম্বৰলৈ চলিবলগীয়া নগৰবেৰা আঞ্চলিক ৰাস উৎসৱৰ প্ৰতিটো দিনতে পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, ওজাপালি, ভকত ভোজন, পৰগনীয়া নাম, আমন্ত্ৰিত নাম দলৰ নাম পৰিবেশন, প্ৰসাদ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত হব। উল্লেখ্য যে ১৮ নৱেম্বৰত সন্ধিয়া ৫ বজাত ৮৯ গছি বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰিব বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই। উদযাপন সমিতিয়ে ৰাস মহোৎসৱৰ সমূহ কাৰ্য্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…