অসম আৰক্ষীৰ আন এক স্মাৰ্ট অপাৰেচন। কাৰ্বি আংলং জিলাৰ মাটিপুল অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বোকাজান মহকুমা আৰক্ষী বিষয়া, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে মঙ্গলবাৰে নিশা অভিযান চলাই। নিশা ৯.৩০ বজাত চলা অভিযানকালত মাটিপুলত এখন দুচকীয়া বাহনৰ ভিতৰত ১৫০ টা চাবোন বাকচত ১.৭৭ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী ক্ৰমে বোকাজানৰ বিমল তস্যা আৰু মৈৰাবাৰীৰ ছাদ্দাম হুছেইন।উল্লেখ্যযোগ্য যে নিশা গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে থানালৈ অনাৰ পথত ছাদ্দাম হুছেইনে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে গুলীওৱাত ছাদ্দাম হুছেইনৰ ভৰিত গুলী লাগি আহত হয়। আহত ছাদ্দাম হুছেইনক বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…