ৰাজ্যৰ মুখ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোটৰ চৰকাৰে ৰাজ্যৰ চুকে কোণে একাংশ লোকে বহু বছৰ ধৰি চৰকাৰী ভৃমিত অবৈধ ভাৱে ঘৰ,দোকান পোহৰ নিৰ্মাণ কৰি আহিছিল তেনে লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।ৰাজ্যৰ জিলা সমূহৰ প্ৰসাশনে বাৰম্বাৰ জাননী নিৰ্দেশ জাৰি কৰিছিল ঘৰ,দোকান পোহাৰ আদি ভাঙিবলৈ কিন্তু এনে চৰকাৰী নিৰ্দেশক আওকাণ কৰাৰ বাবে ৰাজ্যৰ জিলা প্ৰসাশন সমূহে বাধ্য হল উচ্চেদ অভিযানৰ কাম অব্যাহত ৰাখিছে।ঠিক অনুৰূপ ধৰণে নামনি অসমৰ বাণিজ্যিক প্ৰধান বৰপেটাৰোডৰ সমীপৰ গোবৰ্ধনাত জেচিবি লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বৰপেটাৰ জিলাৰ গোৱৰ্ধনা চক বজাৰত থকা প্ৰায় ৫৫ খনকৈ সৰু বৰ পকী দোকান৷গোৱৰ্ধনাত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত ল অবৈধভাবে দখল কৰি থকা দোকান পোহাৰত চলায় এই উচ্ছেদ অভিযান৷উল্লেখ্য যে গোৱৰ্ধনাত থকা এই ৫৫ খনকৈ দোকানক এমাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল বৰপেটা জিলাৰ বৰনগৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে৷আজি ৰাতিপুৱা প্ৰায় ১০ বজাৰ পৰা আৰক্ষী-চি,আৰ,পি,এফ বাহিনীৰ সহযোগত চলে এই উচ্ছেদ অভিযান৷উচ্ছেদিতৰ অভিযোগ,স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা দোকান পোহাৰতো কোনো ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান৷উচ্ছেদৰ জাননীত মানাহৰোড ভূমিত একাংশই বেদখল কৰি দোকান পোহাৰ চলাই থকা বুলি উল্লেখ কৰিছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…