শতিকা বিস্তৃত বৌদ্ধিক তথা বিদ্যায়নিক উৎকৰ্ষ সাধনৰ মহান মন্ত্ৰেৰে অজস্ৰ মানৱ সম্পদ গঢ়িতোলা বিদ্যাৰ পীঠস্থান স্বৰূপ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে সময়ৰ লেখেৰে ডেৰশ বছৰ সম্পূৰ্ণ কৰিলে।স্বৰাজ লাভৰ পূৰ্বেই নামনি অসমৰ বৃহৎ অংশৰ শৈক্ষিক উত্তৰণ আৰু মাৰ্গ দৰ্শনৰ প্ৰতিষ্ঠান স্বৰূপে ১৮৬৫ চনতে এখন বেচৰকাৰী মধ্য ইংৰাজী বিদ্যালয় হিচাপে আৰম্ভ হোৱা এই শিক্ষানুষ্ঠান ১৯৭১ চনত হাইস্কুললৈ উন্নীত হয়।ড০ বাণীকান্ত কাকতি ,কৰ্ণেল গুৰুপ্ৰসাদ দাস বা প্ৰসন্নলাল চৌধুৰীৰ দৰে চনামধন্য ব্যক্তিসকলৰ লগতেই দেশৰ- দহৰ-সমাজ জীৱনৰ বিভিন্ন দিশত অৰিহণা যোগোৱা অলেখ মানৱসম্পদ গঢ় দিয়াত এই শিক্ষানুষ্ঠানে প্ৰভূত অৰিহণা যোগাই আহিছে। ২০২০-২০২১ বৰ্ষত বিদ্যালয়খনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে বছৰজোৰা বিস্তৃত কাৰ্যসূচী হাতত লোৱা হয় যদিও কোভিডকালীন জটিল পৰিস্থিতিযে এই প্ৰস্তুতি পথত বিৰুপ প্ৰভাৱ পেলায় । ইয়াৰ মাজতে উলাহ- উদ্দীপনাৰে ২০২১ চনৰ ৩১ জানুৱাৰী তাৰিখে ডেৰশ বছৰীয়া জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানটি এদিনীয়াকৈ পালন কৰা হয়।কাৰ্যাসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰি ২০২১ বর্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম মাৰ্ধত ‘ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি’ বিষয়ত এখন আলোচনা চক্ৰ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু আলোচনা চক্ৰত উপস্থিত থাকিবলৈ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আমন্ত্ৰণ জনোৱা হব।পৰৱৰ্তী পৰ্যায়ত ২০২২ বৰ্ষত ফেব্ৰুৱাৰী মাহৰ ১২ আৰু ১৩ তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হব।উল্লেখযোগ্য যে আৰম্ভণিৰ পৰা কাৰ্যসূচী সমূহ সূচাৰুৰুপে পৰিচালনা কৰিবলৈ ব্ৰজেন্দ্ৰ কুমাৰ দাসক সভাপতি, নাছিৰুদ্দিন আহমেদক কাৰ্যকৰী সভাপতি, দিলীপ কুমাৰ দাস আৰু হৰেকৃষ্ণ দাসক সম্পাদক হিচাপে লৈ১৭ খন বিভিন্ন উপসমিতিৰে এখন বিশাল উদযাপন সমিতি গঠন কৰা হৈছে।ইয়াৰ লগতেই বিদ্যালয়খনৰ ঐতিহ্য আৰু গৰিমা তথা বৃহত্তৰ বৰপেটা অঞ্চলৰ আৰ্থ -সামাজিক-সংস্কৃতিক প্ৰেক্ষাপটৰ প্ৰতিনিধিত্ব মূলক উপস্থাপনৰ উদ্দেশ্যেৰে এখন বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে। বিদ্যালয়খনৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ দুয়োটাদিনতে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন তথা অন্তৰংগ আলাপ, মুকলি সভা, বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক- ঐতিহ্য,বাৰ্তাবাহক বিশাল শোভাযাত্ৰা, প্ৰদৰ্শনী তথা মাৰাথান দৌৰৰ লগতেই খেল- ধেমালি আদি ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হব। উল্লেখযোগ্য যে কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ বাবে ৰাইজখনৰ বিভিন্ন দিশৰ কেইবাজনো প্ৰতিযথা ব্যক্তিক নিমন্ত্ৰণ কৰাৰ লগতে মুকলি সভাখনত বিশিষ্ট অতিথি স্বৰূপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা হব। দুয়োটি নিশাৰ কাৰ্যসূচীত বিদ্যালয়খনৰ ন-পুৰণি ছাত্র-ছাত্ৰী- শিক্ষাগুৰুৰ তথা স্থানীয় শিল্পীৰ অংশগ্ৰহণৰ লগতেই ৰাজ্যখনৰ বচা বচা শিল্পীৰ সমাহাৰ ঘটিব।এই সমস্ত কাৰ্যসূচীতে ন-পুৰণি ছাত্র শিক্ষকৰ লগতে সমূহ বৰপেটা বাসী ৰাইজৰ উপস্থিতি সহায় সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…