এতিয়া হিমসনা আঘোণৰ বতৰ।কৃষক ৰাইজৰ বহু আশা আৰু হেঁপাহৰ এই আঘোণ মাহ।কিয়নো বাৰিষা কালত মনত বহু আশা আৰু সপোনলৈ খেতিপথাৰত কৃষক ৰাইজে শালি ধানৰ খেতি কৰাৰ পাছত আঘোণৰ ভৰপক পথাৰৰ সোণোৱালী ধাননিডৰালৈ আশাৰে বাট চাই থাকে।আঘোণ পৰিলেই কৃষক সকলৰ কষ্টৰে খেতি কৰাৰ সকলো কথা পাহৰি পথাৰৰ সোণগুটিৰ প্ৰাপ্তিৰ আনন্দই মতলীয়া কৰি তোলে দেহ-মন।অকল কৃষকৰ সোণগুটি প্ৰাপ্তিৰ বাবেই যে দেহ-মন আনন্দ কৰে তেনে নহয় বৰঞ্চ আঘোণৰ প্ৰাচুৰ্যও কৃষকক লখিমী পথাৰলৈ হাতবাউলি মাতে।আঘোণৰ মাদকতাই যেন সুবাসিত কৰে গাঁৱৰ পথাৰ, আলি-পদূলি সকলো।আঘোণৰ ভৰপক বতৰত চহা জীৱনৰ কৃষক সকলৰ ব্যস্ততাৰ যেন সীমা নাই।পথাৰৰ থোকভৰা লখিমীক ঘৰলৈ দাই নিয়াত পুৱাৰ পৰা গধূলিলৈ ব্যস্ত। লক্ষণীয় যে সম্প্ৰীতিৰ নিৰ্ভেজাল প্ৰতিচ্ছবিয়ে প্ৰাণ পাই উঠে এই আঘোণৰ পথাৰত।সাউৰী খোৱা প্ৰথা ইয়াৰ যেন এক উজ্জ্বল নিদৰ্শন। য’ত ঐক্য-শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই আছে।সাউৰী খোৱা দিনটোত গাঁৱৰ কোনো কৃষকৰ খেতি পথাৰত দল বান্ধি দিনত ধান দাই দিয়াৰ পাছত হাঁহ- পাৰৰ মাংস, মাটি মাহৰ দাইলেৰে সকলোৱে আনন্দ মনেৰে এসাঁজ খোৱা হয়।ইয়াত কোনো মাননি লোৱা নহয়। কিন্তু সম্প্ৰতি সময়ত ধানকটা যন্ত্ৰৰ আগমনে এই সাউৰী খোৱা পৰম্পৰা যেন গিলি পেলোৱাৰ উপক্ৰম হৈছে।একেদৰে আঘোণৰ আন পৰিচিত ছবিৰ ভিতৰত হ’ল কাচি উঠা,ন-খোৱা আদি প্ৰথা। আঘোণৰ প্ৰাচুৰ্যৰে ভৰা এই আমোদজনক পৰম্পৰা আৰু কৃষ্টি যেন আধুনিকতাৰ গ্ৰাসত বিলুপ্তিৰ পথত গতি কৰিছে। তদুপৰি আঘোণৰ পথাৰখনকলৈ মাটিৰ গোন্ধ থকা গীত- মাত, কৃষ্টি সংস্কৃতি সমূহো যেন আজি নাইকীয়া হৈ যোৱাৰ দিশে ধাবমান। আধুনিকতাৰ বতাহে উৰুৱাই নিব বিচৰা এই সমূহ নিৰ্ভেজাল কৃষ্টি সংস্কৃতি যদি আমি সময় থাকোঁতেই ৰক্ষা কৰাৰ ব্যৱস্থা নকৰো তেনেহলে অসমীয়া সমাজখনৰ হ’ব অতিকৈ দুৰ্ভাগ্য জনক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…