স্বচ্চ ভাৰত অভিযান আচঁনিৰ অংশ হিচাপে চৰকাৰে জিলা সমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অনাময় আঁচনিৰ অধীনত দৰিদ্ৰ লোক সকলৰ পৰিয়ালত নিৰ্মাণ কৰা অনাময়ৰ বাৰ হাজাৰ টকীয়া বিনামূলীয়া শৌচাগাৰ পশ্চিম দৰঙত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনত গাঁও পঞ্চায়ত সমূহত গাঁও সভা অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টিৰ বাবে খন্তেকীয়া চাফাইকে ধৰি স্বচ্চতাৰ ওপৰত বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰা দেখা যায়। কিন্তু বাস্তৱ ক্ষেত্ৰত মূৰকত গৈ ভেঁকোভাওনা স্পষ্ট হৈ পৰে। দৰঙৰ পশ্চিমাঞ্চলৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগে মলত্যাগমুক্ত গাঁও পঞ্চায়ত হিচাপে চিহ্নিত কৰি বৃহৎ আকাৰৰ ছাইনবোৰ্ড একোখন আঁৰি দিয়া দেখা গৈছে। কিন্তু বাস্তৱ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ কিমান শতাংশ দৰিদ্ৰ পৰিয়ালে প্ৰকৃতাৰ্থত অনাময়ৰ শৌচাগাৰ লাভ কৰিছে।এক উদাহৰণ স্বৰূপে ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ বন্যাক্ৰান্ত গাঁও দুৰদুৰীয়া গাঁৱৰ অতিকৈ ডাল দৰিদ্ৰ মৎস্য ব্যৱসায়ী আলী, বিভক্ষু ছাইফুদ্দিন আহমেদ, আতোৱাৰ ৰহমান,ঘোপেলীৰ ভবেন ডেকাকে পঞ্চায়ত খনৰ গাঁৱে গাঁৱে বহু দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ অনাময়ৰ বিনামূলীয়া শৌচাগাৰৰ বঞ্চিত হৈ অহাত আজিও মুকলি ঠাইত শৌচ-প্ৰচাৱ কৰি আহিবলগীয়া হৈছে। আশ্বৰ্যজনক কথা যে গাঁও পঞ্চায়তখনত মলত্যাগমুক্ত পঞ্চায়ত হিচাপে বিভাগে কিয় বৰ বৰ আখৰেৰে বৃহৎ ছাইনবোৰ্ড আঁৰি দিলে ই এক নুবুজা সাঁথৰ। ইফালে যি সকল হিতাধিকাৰীৰ অনাময়ৰ বিনামূলীয়া শৌচাগাৰ এন জি অ’ৰ ঠিকাদাৰৰ জৰিয়তে কৰিছে সেইবোৰ ব্যৱহাৰ নৌকৰোতেই ভাগি যোৱাৰ অভিযোগ উঠিছে। উদাহৰণ হিচাপে কুমাৰপাৰা গাঁৱৰ ৰূপা ডেকা নামৰ এজন অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ঘৰত নিৰ্মাণ কৰা অনাময় শৌচাগাৰ নিৰ্মাণ শেষ হোৱাৰ পাছত ব্যৱহাৰ কৰিব নোৱাৰি ভাগি পেলাই দিয়াৰ ঘটনাই দুৰ্নীতি অনিয়মৰ ছবিখন স্পষ্ট ৰূপত উদঙাই দেখুৱাইছে। তদুপৰি বিভাগৰ মনেমিলা এন জি অ’ৰ তথাকথিত ঠিকাদাৰ সকলে আঁচনিৰ নীতি নিয়মক জাঁৱৰেৰে ঢাকি প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰ নকৰি পালমাৰি কৰিয়েই বিষয়া-কৰ্মচাৰীৰ সহযোগত আঁচনিৰ বিপৰীতে আবন্টিত ধন মুকলি কৰিবলৈ সৌভাগ্য ঘটিছে।ইয়াত হিতাধিকাৰী কিম্বা ৰাইজৰ কোনো অভিযোগক গুৰুত্ব দিয়া নহয়। ইফালে একাংশ দুখীয়া দৰিদ্ৰলোক এটা পকী চৰকাৰী শৌচাগাৰৰ বাবে কান্দি থাকি মুকলি ঠাইত দিন ৰাতি মলত্যাগ কৰি আহিবলগীয়া হোৱাৰ পাছতো বিভাগে বাঃ বাঃ লোৱাৰ যুক্তি ক’ত বুলি সচেতন লোক সকলে প্ৰশ্ন উত্থাপন কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…