ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী ইকৰাবাৰী সাহিত্য সভাৰ সদস্য তথা ২ নং বঁটা বাৰী গাঁৱৰ নিবাসী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ,ধৰ্মপ্ৰাণ ব্যক্তি পূৰণ ডেকাৰ সোঁৱৰণত ১৮ নবেম্বৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় । বঁটাবাৰীৰ প্ৰয়াত ডেকাৰ নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষক ডালিম কছাৰীয়ে আঁত ধৰা এই স্মৃতিচাৰণ সভাত পৌৰহিত্য কৰে ২ নং বটাঁবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ পাঠক নৰেন ডেকাই । ৰৌতা গাঁওৰক্ষী বাহিনী আৰু বটাবাৰী গাওঁ উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উপস্থিত হৈ গাওঁৰক্ষীৰ উপদেষ্টা সমিতিৰ সভাপতি নিৰ্মল দাসে বৈকুণ্ঠগামী পূৰণ ডেকাৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও প্ৰয়াত ডেকাই সমাজত আগবঢ়াই যোৱা ত্যাগৰ কথা স্মৰণ কৰে । বিটিএডিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীও এই স্মৃতি চাৰণসভাত অংশ গ্ৰহণ কৰি মাৰ্জিত, অমায়িক দায়িত্ব আৰু নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য পালন কৰা ডেকাৰ মৃত্যুত ৰৌতা গাওঁৰক্ষী বাহিনীৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰে । তদুপৰি তেওঁ ২ নং বটাবাৰী গাওঁ উন্নয়ন সমিতিয়ে এজন নিষ্ঠাৱান কৰ্মী অকালতে হেৰুৱাব লগা হ’ল বুলি মৃত পৰিয়াল বৰ্গক প্ৰাক্তন সমবেদনা জ্ঞাপন কৰে । পুৱা প্ৰয়াত পূৰণ চন্দ্ৰ ডেকাৰ সহধৰ্মিনী গুণেশ্বৰী ডেকাই তেখেতৰ স্বামীৰ প্ৰবিত্ৰ স্মৃতিত পুস্পাঞ্জলী অৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এই স্মৃতি চাৰণ সভাত ওদালগুৰি জিলা আক্ৰাছুৰ সম্পাদক মিঠুন বৰুৱা, ৰৌতা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি পবিত্ৰ ডেকা, কুদ্দুচ আলিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু কেবাখনো সত্ৰৰ ভক্তসকল উপস্হিত আছিল । উক্ত ম্মৃতি চাৰণ সভাতেই মৃত পূৰণ ডেকাৰ সোঁৱৰণীত কেবাখনো সম্বৰ্ধনা পত্ৰ পৰিয়ালক বৰ্গৰৰ হাতত প্ৰদান কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…