যোৱা ১৩ নৱেম্বৰত মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বাক্সাৰ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ বাক্সা জিলাৰ বৰমাৰ থৈকাৰাকুছিৰ ঘৰত উপস্থিত হৈ প্ৰমোদ বড়োৱে অসম ৰাইফলছৰ শ্বহীদ জোৱান সুমনৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই সুমন স্বৰ্গীয়াৰীৰ নামত শ্বহীদ গৰাকীৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ লগতে সুমনে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচত আজি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিচি চৰকাৰৰ তৰফৰ পৰা শ্বহীদ গৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ লগতে সুমনে পঢ়া বিদ্যালয়ৰ তোৰণ শ্বহীদ গৰাকীৰ নামত নামাকৰণ কৰা হ’ব বুলি কয় ৷ আনহাতে অহা ডিচেম্বৰ মাহৰ ভিতৰত শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত এটি বয়ন কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলিও ঘোষণা কৰে ৷ লগতে শ্বহীদ গৰাকীৰ গাৱখনত জলজীৱন আঁচনিৰ কাম শীঘ্ৰে ৰূপায়ণ কৰাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ আনহাতে শ্বহীদ গৰাকীৰ উচ্চশিক্ষিতা পত্নী জুৰি স্বৰ্গীয়াৰী আৰু জ্যেষ্ঠ ভগ্নীক আদ্যশ্ৰাদ্ধৰ পিচতেই সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বড়োৱে ৷ ইপিনে প্ৰমোদ বড়োৱে বৰ্তমান সভ্যতাৰ শীৰ্ষত বাস কৰা মানৱ সমাজত উগ্ৰপন্থীয়ে এইদৰে নিৰীহ মানুহ হত্যা কৰি সন্তুষ্টি পালেও ইয়াৰ পৰা কিন্তু একো লাভ নহ’ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বন্দুকধাৰী সংগঠন সমূহক হত্যা-হিংসাৰ পৰা বিৰত থাকি আলোচনাৰ মাজেৰে আহি এখন অস্ত্ৰ-হিংসামুক্ত সমাজ গঢ়ি ৰাইজৰ হ’কে কাম কৰাৰ বাবে আহ্বান জনায় বিটিচি প্ৰধান গৰাকীয়ে ৷ উল্লেখ্য যে শ্বহীদ গৰাকীৰ বাসগৃহত প্ৰমোদ বড়োৰ সৈতে আজি বিচিটিৰ অধ্যক্ষ কাতিৰাম বড়ো, ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াও উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…