চৰাইদেউৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা ৷যি সময়ত দুয়োখন ৰাজ্যৰ মুখ্য মন্ত্ৰী দুজনে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আলোচনাত মিলিত হৈছে সেই সময়তে অসমৰ দুই গৰাকীকৈ ছাত্ৰক ৮ জনীয়া নগা দূৰ্বৃত্তৰ দলে নাগালেণ্ডৰ লকুন বস্তিৰ এখন সাপ্তাহিক বজাৰৰ পৰা বাইকেৰে উঠাই নি ঘন জংঘলৰ ভিতৰত ভৰাই গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ উপৰিও উক্ত এলেকাতে গাঁত খান্দি পুতি হত্যাৰ চেষ্টা চলোৱা ঘটনাই এতিয়া সমগ্র জিলা খনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷বিভিন্ন সময়ত জিলাখনৰ দাঁতি কাষৰীয়া গাওঁ সমূহত দাবী ধমকিৰে নতুবা মৰণাস্ত্ৰ দেখুৱাই ধন দাবী কৰাৰ লগতে পশুধন উঠাই লৈ যোৱা ঘটনা সংঘটিত হৈ আহিছে।বজাৰ কৰিবলৈ বুলি ওলাই যোৱা ছাত্র প্ৰাঞ্জল বছা(২০)আৰু নৱজ্যোতি লাহন (২৫) ক এনেদৰে নগা দুৰ্বৃত্তই উঠাই লৈ যোৱা ঘটনাক এতিয়া সহজ ভাবে লব পৰা নাই গাওঁ খনৰ বাসিন্দাই।ছাত্ৰ দুজনে জনোৱা মতে এখন দোকানত পইচা খুচুৰা কৰিবলৈ ৰৈ থকা অৱস্থাতে চাৰি জনকৈ নগা দুৰ্বৃত্তই ধৰি মটৰ চাইকেলত বহুৱাই ঘন জংঘল লৈ যায় আৰু বিভিন্ন প্ৰশ্ন কৰে,উল্লেখযোগ্য যে বিগত কেইমাহ মান পূৰ্বে কানুবাৰী বালিজান গ্ৰাণ্ট গাওঁৰ পৰা অস্ত্ৰ সহ তিনি গৰাকীকৈ এন এছ চি এন দলৰ উগ্ৰপন্থী সদস্যক আটক কৰিছিল আছাম ৰাইফলছৰ জোৱানে,এই তিনি এন এছ চি এন কেডাৰক গ্ৰেপ্তাৰ কৰাত এই ছাত্ৰ দুজনে আছাম ৰাইফলছ ক সহায় কৰা বুলি অভিযোগ তুলি দিন দুপৰতে বজাৰৰ পৰা উঠাই নি অকথ্য নিৰ্যাতন চলাই।ইয়াৰে এজন ছাত্ৰ প্ৰাঞ্জল বছা অধিক ভাৱে আঘাতপ্ৰাপ্ত হয়,, প্ৰাঞ্জলৰ মূৰ ভৰি আদিত বাঁহেৰে কোবোৱাৰ লগতে লোৰ হাটুৰি ৰে হাতৰ আঙুলিত প্ৰহাৰ কৰাৰ আৰু বুকুত হাতেৰে প্ৰহাৰ কৰাৰ কথা জানিবলৈ দিয়ে আঘাত প্ৰাপ্ত ছাত্ৰ জনে।ইমানতে শান্ত নাথাকি এক প্ৰকাৰৰ তালিবানী শাস্তি দিয়াৰ ব্যৱস্থা কৰিছিল নগা দুৰ্বৃত্তই,ছাত্ৰ দুজনে জনোৱা মতে,গাঁত খান্দি পুতি থোৱাৰ ওপৰি গুলি কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ।শেষত আসাম ৰাইফলছৰ এটা দলে সমগ্ৰ ঘটনাৰ সম্পৰ্কত অৱগত হোৱা ৰ লগে লগে সেই ঠাইলৈ ৰাওনা হয় । নগা দূৰ্বৃত্তৰ দলটোৱে আছাম ৰাইফলছৰ উপস্থিতিৰ উমান পাই ছাত্ৰ দুজনক হাবিত এৰি পলায়ন কৰে ৷ অধিক আঘাতপ্ৰাপ্ত প্ৰাঞ্জল অনুষ্ঠিত হৈ থকা পৰীক্ষাতো অৱতীৰ্ণ হব নোৱাৰিলে ৷বৰ্তমান সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলটোতে বিৰাজ কৰিছে চেপা উত্তেজনাই । ছাত্ৰ দুজনক বিনা দুখত এনেদৰে নগা দুৰ্বৃত্তই অত্যচাৰ কৰাক লৈ গাঁওখনৰ সকলো ৰাইজ ওলাই আহিল অসম নাগালেণ্ড সংযোগী পথ অৱৰোধ কৰিবলৈ,ততালিকে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ উপস্থিত হৈ শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় আৰু পথ অৱৰোধ নকৰিবলৈ গাওঁ বাসীক অনুৰোধ কৰাত সাময়িক ভাৱে প্ৰত্যাহাৰ কৰে পথ অৱৰোধৰ দৰে কাৰ্য্যসূচী ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…