কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত টুপামাৰীত গাওঁবুঢ়া বিতৰ্ক লৈ অব্যাহত আছে প্ৰতিবাদ। গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ তদন্তৰ দাবীত পুণৰ উত্তাল ২/৩ নং টুপামাৰী গাওঁ। উল্লেখ্য যে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ২/৩ নং টুপামাৰী গাওঁৰ গাওঁবুঢ়াৰ মৃত্যু ঘটাত পদটি খালী হৈ থকাত বিভাগীয় বিজ্ঞাপনৰ ভিত্তিত অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ আৰু সাক্ষাৎকাত পূৰ্বৰ গাওঁবুঢ়াৰ পুত্ৰ বোৱাৰী মাজিদা খাতুনে ২/৩ নং টুপামাৰী গাওঁৰ গাওঁবুঢ়া পদৰ বাবে বাচনি হয়। ৰাইজৰ অভিযোগ অনুসৰি বাচনি হয় যদিও আজিকোপতি নিযুক্তি পত্ৰ পোৱা নাই মাজিদা খাতুনে আৰু নিযুক্তি পত্ৰ নোপোৱাকৈ ধনৰ বিনিময়ত দিবলৈ লৈছে গাওঁবুঢ়াৰ প্ৰমাণ পত্ৰ। উল্লেখ্য যে কিছু দিন পূৰ্বে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই মাজিদা খাতুনক সাময়িক ভাৱে গাওঁবুঢ়াৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত গাওঁৰে একাংশ সচেতন যুৱকে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ আৰু জিলা উপায়ুক্ত লৈ অভিযোগ দাখিল কৰে। অভিযোগ দাখিল কৰাৰ পাছতেই নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে মাজিদা খাতুনক গাওঁবুঢ়াৰ যি সাময়িক দায়িত্ব দিছিল তাৰ পৰা আকৌ অব্যাহতি দি অন্য এজনক দায়িত্ব দিয়ে। এফালে নিযুক্তি নহওতেই ৰাজহ চক্ৰ বিষয়াৰ সাময়িক দায়িত্বভাৰ, সমন্তৰালকৈ আকৌ নিযুক্তি পত্ৰ নোপোৱাকৈ প্ৰমাণ পত্ৰ নামত ধন আদায়, দুয়োটা ইচ্যুক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পিছত সামাজিক মাধ্যমত ভাইৰেল হয় এই স্পৰ্শকাতৰ বিষয় দুটা, তাকে ল’ই প্ৰাৰ্থী মাজিদা খাতুনে সংবাদ মেল পাতি তাইৰ বিৰুদ্ধে অনা সকলো অভিযোগ নস্যাৎ কৰে আৰু এয়া তাইৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰ কৰিছে বুলি প্ৰতিঅভিযোগ তুলে। মাজিদা খাতুনৰ সংবাদ মেলৰ পাছতেই আকৌ ৰাইজে গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰি সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে নিযুক্তি পত্ৰ পোৱাৰ পূৰ্বেই মাজিদা খাতুনে টকাৰ বিনিময়ত প্ৰমাণ পত্ৰ দিবলৈ লোৱাত গাওঁবাসীয়ে জাঙুৰ খাই উঠিছে আৰুবৃহস্পতিবাৰৰ আবেলি হাতে হাতে প্লেকাৰ্ড লৈ ক্ষুদ্ধ লোকে মাজিদা খাতুনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ তদন্ত লাগে, মাজিদা খাতুনক গ্ৰেপ্তাৰ কৰক, মাজিদা খাতুনৰ দুৰ্নীতি নচলিব, মাজিদা খাতুন হুচিয়াৰ আদি শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। মুঠতে গাঁওবুঢ়া কেন্দ্ৰিক বিতৰ্কই অঞ্চলজুৰি অব্যাহত ৰাখিছে এক অস্থিৰতা। আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…