দৰং জিলাৰ পশ্চিমাঞ্চলৰ মাজেৰে বৈ যোৱা দিমীলা নদীৰ বাঢ়নী পানীয়ে ২০০৪ চনতে দুৰদুৰীয়াৰ সমীপত পূব দিশৰ মথাউৰিটোৰ প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘ্যজুৰি ছিগি পেলায়।যাৰ পাছত আজি সুদীৰ্ঘ সোতৰটা বছৰে বিভাগে মেৰামতি নকৰাকৈয়ে পেলাই থোৱাত দুৰদুৰীয়া, নাওঁপোটা,চমুখা, বগাচলা, বাঘমাৰা, ঘোপেলী, গোপালপুৰ, পাটগিৰি চুৱা, সোনাপুৰকে ধৰি প্ৰায় পোন্ধৰখনমান ৰাজহ গাঁৱৰ কৃষক ৰাইজৰ খেতি পথাৰ বাৰিষা সময়ত নদীখনৰ ওভটনি পানীৰ সোঁতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে।মূলতঃ বাৰিষা সময়ত পানীয়ে মাৰি থকাৰ পৰিপ্ৰেক্ষিতত তিনি- চাৰিবাৰকৈ কঠীয়া ৰুয়ো শস্য গোটাব নোৱাৰাৰ বাবে অঞ্চলটোৰ ৯৫ শতাংশ কৃষক ৰাইজ অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছে।খৰালি কালতো কৃষক ৰাইজে কৃষি বিভাগৰ পৰা বীজ- সাৰ আদি একো নোপোৱাত বজাৰৰ অত্যধিক মূল্যত ৰবি শস্যৰ বীজ- সাৰ কিনিব নোৱাৰি ঘৰৰ পোহনীয়া হাঁহ-কুকুৰা বিক্ৰী কৰি যি পাৰে তাকৰীয়া ভাবে সৰিয়হ,মটৰ,মচুৰ, মাটি মাহ আদিৰ খেতি কৰি কিবা কৰি পৰিয়ালক পোহপাল দি আহিছে। উল্লেখ্য যে প্ৰতি বছৰে মথাউৰিৰ ছিগা অংশৰে বাৰিষা সময়ত নদীৰ বাঢ়নী পানী সোমাই কৃষিজীৱি ৰাইজক নাজল নাথল খুৱাই অহা ছিগা মথাউৰিৰ অংশ খিনি মেৰামতি কৰাৰ বাবে ৰাইজে বিধায়ক,সাংসদ, বিভাগৰ ওচৰত বাৰম্বাৰ আবেদন- নিবেদন, অনুৰোধ কৰি ভাগৰি পৰি বাদ দিবলৈ বাধ্য হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১৯ চনত তেতিয়াৰ তদানীন্তন বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চেঙেলীয়াঝাৰত ননৈ নদীৰ বানে ছিগা মথাউৰি পৰিদৰ্শন সময়ত দুৰদুৰীয়া গাঁৱৰ গাওঁ বুঢ়া গৰাকীয়ে বিষয়টো মন্ত্ৰী গৰাকীৰ ওচৰত অৱগত কৰাত তেওঁ তাত উপস্থিত থকা মঙলদৈ সংমণ্ডল জলসম্পদ বিভাগৰ অভিযন্তাক ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল।ৰাইজে ভাবিছিল যে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিলে যেতিয়া এইবাৰ মেৰামতি হ’বই।পিছে আজি দুটা বছৰে তেনেদৰেই নিৰ্দেশ নিৰ্দেশে হৈ থাকিল। ইফালে বিগত বৰ্ষত ৰাজ্যৰ বহু মথাউৰি মেৰামতি হ’ল যদিও বাদ পৰি ৰ’ল মাত্ৰ দুৰদুৰীয়াৰ দিমীলা নদীৰ ছিগা মথাউৰি। ইফালে আজি সোতৰ বছৰে মথাউৰিৰ ছিগা অংশত বাঁহৰ সাঁকো দি ৰাইজে যাতায়াত অব্যাহত ৰাখিব লগীয়া হৈছে। আঞ্চলিক ৰাইজে পুনৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি খৰালি কালত যিকোনো প্ৰকাৰে ছিগা অংশ খিনি মেৰামতি কৰি ৰাইজক উপকৃত কৰাৰ বাবে আহ্বান জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…