“সততাৰ লগতে জন্মভূমিৰ প্ৰতি ,সমাজৰ প্ৰতি,মানুহৰ প্ৰতি এক প্ৰেম ভাৱ থাকিব লাগিব,তেতিয়াহে প্ৰকৃত সাংবাদিক হ’ব পাৰিব” প্ৰয়াত স্বনামধন্য সাহিত্যিক, প্ৰথিতযশা সাংবাদিক, বিশিষ্ট সাহিত্যিক ,মহীৰূহ হোমেন বৰগোঁহাঞিদেৱৰ এই আপ্তবাক্যশাৰী সাৰোগত কৰি,তেখেতৰ আঙুলিত ধৰি সাংবাদিকতাৰ আদিপাঠৰে সত্তৰৰ দশকতে সাংবাদিকতাৰ ক্ষেত্ৰখনত খোজ আগবঢ়াইছিল শ্বহীদ নগৰী ঢেকীয়াজুলিৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত,একালৰ প্ৰবীণ সাংবাদিক ললিত বৰুৱাই৷ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ ধাৰাবাহিক কাৰ্যসূচী “প্ৰেৰণা- নবীন প্ৰবীণ প্ৰতিভাধৰৰ সৈতে আলাপ” শীৰ্ষক এক ব্যতিক্ৰমী অন্তৰংগ আলাপ
অনুষ্ঠানত সাহিত্যিক পেঞ্চনপ্ৰাপ্ত বিশিষ্ট কথাশিল্পী ললিত বৰুৱাই তেখেতৰ জীৱনত প্ৰয়াত স্বনামধন্য সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ প্ৰভাৱ তথা অৱদানৰ বিষয়ে অৱগত কৰি নষ্টালজিক হৈ পৰে ৷ প্ৰবীণ সাংবাদিক ,নীৰৱ সাহিত্যিক তথা কথাশিল্পী ললিত বৰুৱাদেৱে ১৫ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰাৰ লগতে বহু বঁটাৰে বিভূষিত হৈছিল ৷তেখেতৰ গ্ৰন্থসমূহ জীৱন জেউতি(কবিতা পুথি ১৯৭৫ ),সুৰ মাধুৰী(গীত সংকলন,২০১৫),মুক্তি যোদ্ধা জনসেৱক চন্দ্ৰশেষৰ দাস( জীৱনী ১৯৮৬),লোকনায়ক অমিয় কুমাৰ দাস(জীৱনী),জীৱন আৰু বাস্তৱ(উপন্যাস, ১৯৭৫ ),অসমৰ নাৰী জাগৰণৰ অগ্ৰদূত,অকণবালা দাস (জীৱনী, ১৯৯৮),ইতিহাসে পৰশা স্মৃতি সজল (প্ৰৱন্ধ পুথি ১৯৭৬),মোৰ গল্পৰ শৰাই (চুটিগল্প),মোৰ প্ৰৱন্ধ সংকলন(প্ৰৱন্ধ),সাহিত্য চিন্তাৰ পট-পৰিবৰ্তন (প্ৰৱন্ধ),চন্দ্ৰজ্যোতি(সংগৃহীত জীৱনী ১৯৯২ চন ),স্ব-নিৰ্বাচিত প্ৰবন্ধাৱলী (২০১১) আদিকে ধৰি প্ৰায় পোন্ধৰখন প্ৰকাশিত পুথিৰ উপৰিও তেখেতে সম্পাদনা কৰিছিল শোণিতপুৰ জিলা সাহিত্য সভাৰ পত্ৰিকা (১৯৯৩),অসম ৰাজ্যিক প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক ৰাজ্যিক অধিবেশনৰ স্মৰণিকা ‘অস্তৰাগ'(২০০৭চন),অসম হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক অধিবেশনৰ স্মৃতিগ্ৰন্থ (১৯৯০),পাঞ্চজন্য,সুত্ৰধাৰ, সুন্দৰম (২০১৪),কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ কেহেৰুখন্দা কেন্দ্ৰৰ সোণালী জয়ন্তীৰ স্মৰণিকা (১৯৯৫) আদিকে মুখ্য কৰি বহুকেইখন গ্ৰন্থ ৷ সমাজ আৰু সাহিত্যৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতাৰ স্বীকৃতি স্বৰূপে তেখেতে লাভ কৰিছে বহু সন্মান ৷তেখেতে ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে দিয়া ড° আম্বেদকাৰ ফেল’শ্বিপ বঁটা —(২০০৩ চন),অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন(২০১৯) লাভ কৰাৰ উপৰিও লাভ কৰিছে বিভিন্ন সম্বৰ্ধনা ৷ অসম সাহিত্য সভাৰ আজীৱন সভ্য ,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰাক্তন সদস্য (১৯৯৪),শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি(১৯৯২-৯৩ চন),শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি (১৯৯০-৯১ চন),শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাপক সভ্য , তথা ১৯৭৮ চনৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ এগৰাকী সহ সম্পাদক ,ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ তৃতীয়জন সম্পাদক হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ ( ক্ৰমে ১৯৭৩-৭৪ বৰ্ষ আৰু ১৯৭৭-৭৯ বৰ্ষ ),সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰাক্তন সদস্য,ঢেকিয়াজুলি কবি সন্মিলনৰ সভাপতি (১৯৮৮),শোণিতপুৰ জিলা অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক সন্থাৰ উপ-সভাপতি,ঢেকীয়াজুলি ন- চহৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভ্য, তথা প্ৰথমখন পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক,ঢেকীয়াজুলি মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি,ৰঙাগৰা হাইস্কুলৰ প্ৰতিষ্ঠাতা শিক্ষক,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢেকীয়াজুলি প্ৰাথমিকৰ প্ৰতিষ্ঠাপক , প্ৰাক্তন সম্পাদক (১৯৮১-৮২) তথা সভাপতি (১৯৮৩-৯০),ঢেকীয়াজুলিৰ সুন্দৰম সাংস্কৃতিক সংঘ , কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উপদেষ্টা,উত্তৰ ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ কৰি নিজৰ কৰ্মদক্ষতাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে ৷১৯৬৮ চনৰেপৰা সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ নতুন অসমীয়া,মহাজাতি, আজিৰ বাতৰি, আজিৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি,জনক্ৰান্তি , ন-লখিমী(লক্ষীমপুৰ), মণিকাঞ্চন আদি একাধিক কাকতৰ সংবাদদাতা ৰূপে ললিত বৰুৱাদেৱে অত্যন্ত নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰিছিল৷ সদায় জনসাধাৰণৰ হকে মাত মাতি অহা বৰুৱাদেৱে এইক্ষেত্ৰত বহু বাধাৰো সন্মুখীন হ’ব লগা হৈছিল যদিও কোনো আপোচ নকৰি নিজৰ কৰ্তব্যত অটল হৈ থাকিছিল ৷ঢেকীয়াজুলিৰ একাধিক গ্ৰন্থৰ প্ৰণেতা, একালৰ প্ৰবীণ সাংবাদিক, নীৰৱ সাহিত্যিক,কথাশিল্পী,শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ললিত বৰুৱাদেৱে ঢকুৱাখনাত ১৯৪৫ চনত জন্ম গ্ৰহণ কৰে ৷ এটা সু-সাংস্কৃতিক পৰিয়ালত ঢকুৱাখনাত জন্ম লাভ কৰাৰ পিছতে যুৱক অৱস্থাত কিদৰে প্ৰয়াত স্বনামধন্য সাহিত্যিক হোমেন বৰগোঁহাঞিদেৱে সাংবাদিকতাৰ আদিপাঠ শিকাইছিল সেই স্মৃতি সোঁৱৰি নষ্টালজিক হৈ পৰে ৷ ককা-আজোককাকৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাটেৰে বাট বুলি অহা ললিত বৰুৱাদেৱে নিজৰ শিক্ষকতাৰ জীৱনৰ মাজতো সাংবাদিকতাৰ দৰে গধুৰ দায়িত্ব পালন কৰিছিল সেই সত্তৰৰ দশকতেই ৷অনুষ্ঠানটিৰ আৰম্ভণিতে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিক ললিত বৰুৱাদেৱক এখনি ফুলাম গামোচা আৰু বৰ জাপিৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সহধৰ্মিনী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লীলাৱতী বৰুৱাকো গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷অনুষ্ঠানটিৰ আঁত ধৰে ক্লাবৰ সাধাৰণ সম্পাদক কল্পজ্যোতি নাথে ৷মনোজ্ঞ অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা বাবে ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যবৃন্দক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে সভাপতি গোলোক বৰা,কাৰ্যকৰী সভাপতি তপন চক্ৰৱৰ্তী আৰু সম্পাদক কল্পজ্যোতি নাথে ৷কথাশিল্পী,সাহিত্যিক শ্ৰীযুত ললিত বৰুৱাদেৱৰ সুস্বাস্থ্যৰ লগতে সুদীৰ্ঘ জীৱন কামনা কৰে ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সদস্যসকলে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…