জামুগুৰিহাটৰ ৰাংচলীয়া কাঠবাৰী গাঁও উন্নয়ন সমিতি আৰু ৰাংচলীয়া কাঠবাৰী প্ৰাথমিক সমাজৰ সৌজন্যত কালি দুভাগ গায়ন বায়ন আৰু দুভাগ নামসিংহ প্ৰতিমূৰ্তি স্থাপন কৰা হয়৷কলিয়াবৰৰপৰা অনা এই দুভাগ গায়ন-বায়ন আৰু নামসিংহৰ মূৰ্তিক গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা গাঁওখনৰ কীৰ্তনগৃহলৈকে প্ৰায় ১ কি:মি: পথ হৰিনামৰ ধ্বনি,খোল-তাল-দবা-শংখ,আয়তিৰ উৰুলীৰ মাজত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ৰাংচলীয়া কাঠবাৰী গাঁৱৰ কীৰ্তন গৃহলৈকে আদৰি নিয়ে৷ইয়াৰ পিছতেই কীৰ্তন গৃহত দুভাগ গায়ন-বায়নৰ মূৰ্তি স্থাপন কৰে গাঁওখনৰে বয়োজ্যেষ্ঠ লোক জীৱন বৰুৱা আৰু জামুগুৰিহাটৰ চেচাসত্ৰ গাঁৱৰ বয়োজ্যেষ্ঠ লোক ভৰত শইকীয়াই৷ইয়াৰোপৰি কীৰ্তন গৃহতেই দুভাগ নামসিংহও স্থাপন কৰে গহপুৰৰ গংগাৰাম বৰুৱা আৰু গাঁওখনৰে বয়োজ্যেষ্ঠ লোক বিশ্ব বৰুৱাই৷কীৰ্তনগৃহৰ মূল সিংহাসনভাগ প্ৰতিষ্ঠা কৰাৰ দিনটোৰ লগত সংগতি ৰাখি কালি অনুষ্ঠিত কৰা এই গায়ন-বায়ন তথা নামসিংহৰ প্ৰতিমূৰ্তি স্থাপন অনুষ্ঠানটোৰ লগত সমন্বয় ৰাখিয়েই আজি নিশালৈও এই কীৰ্তনগৃহতেই “হংসধ্বজৰ শাপমোচন হিৰাদৈত্য বধ” নামৰ এখনি ভাঁওনাও অনুষ্ঠিত হ’ব বুলি জানিব দিছে গাঁওখনৰ লোকসকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…