নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইঠাইতো জল জীৱন মিছনৰ কামৰ ব্যাপক দুৰ্নীতি -অনিয়ম সংঘটিত হোৱা অভিয়োগ ৰাজহুৱা হোৱাৰ সময়তে ঘগ্ৰাপাৰ হৰিমন্দিৰ চৌহদত ৰূপায়িত এই আঁচনিখনতো জনৈক দাস নামৰ উপাধিৰ ঠিকাদাৰজনে প্ৰথমৰ পৰা নিজৰ মইমতালিত কাম কৰা ফলত আজি প্ৰায় ছয় মাহে ঘগ্ৰাপাৰ হৰিমন্দিৰকে ধৰি অঞ্চলটোৰ অধিকাংশ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰ পৰা বঞ্চিত হৈছে বূলি ৰাইজৰ অভিয়োগ উঠিছে।উল্লেখ্য যে আঁচনিৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰগৰাকীয়ে পুৰণি চৌহদৰ বেৰ ৰং সানি নতুন ৰূপ দিয়াৰ ওপৰিও অভাৰ হেদ(পানী টেংক) তৈয়াৰতো ব্যাপক দুৰ্নীতি আশ্ৰয় লোৱা বুলি ৰাজহুৱা অভিয়োগ উঠিছে। ইফালে বিগত কিছুদিন পুৰ্ব নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা পিংকু পাঠকে আঁচনি পৰিদৰ্শন কৰি কাম ব্যৱহাৰ্য্য সামগ্ৰী নিম্নগামী হোৱাত আঁতৰ কৰাৰ লগতে অভাৰ হেদ (পানী টেংক)ৰ কামটো প্ৰাক্ কলন অনুসৰি তৈয়াৰ নকৰাত ভাঙি দিয়ে।ইফালে আজি ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰভাত শৰ্মা -সম্পাদক অৰেন্দ্ৰ দাসসহ কেইগৰাকী লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।লগতে ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিয়ে শীঘ্ৰে ঘগ্ৰাপাৰ হৰিমন্দিৰকে ধৰি স্থানীয় ৰাইজসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰমুৰীয়া আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…