নগাঁও জিলাৰ জামুগুৰিৰ ঐতিয্যমণ্ডিত দ’ঘাট চুবুৰীৰ ২৪০ বছৰীয়া দ’ঘাট নামঘৰৰ বাটচ’ৰা আজি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভ উন্মোচন কৰা হয় ৷ এই উপলক্ষে পুৱা নামঘৰ প্ৰাংগনত ধৰ্ম্মধ্বজা উত্তোলন কৰে সমাজকৰ্মী ফতিক নাথে ৷ বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰে হিতেশ্বৰ নাথে ৷ তাৰ পাছতে গায়ন বায়ন,আৰতিৰ উৰুলি,ডৱা কাহঁ শংখ ধৰ্ব্বনিৰে বাটচ’ৰাটি শুভ উন্মোচন কৰে বটদ্ৰৱা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া টিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে ৷ বাটচ’ৰাটি উন্মোচনৰ ক্ষনত ডেকা সত্ৰীয়া গৰাকীয়ে কয় যে বাটচ’ৰা হ’ল বৈকুণ্ঠৰ প্ৰথম দুৱাৰ ৷ নামঘৰৰ বাটচ’ৰা গৰকিহে প্ৰভু ভগৱন্তৰ স্থান বৈকুণ্ঠ পাব পাৰি ৷ সেইবাবেই বাটচ’ৰা হ’ল বৈকুণ্ঠৰ প্ৰথম দুৱাৰ ৷ ডেকা সত্ৰীয়া গৰাকীয়ে লগতে আৰু কয় যে আজিৰ নৱপ্ৰজন্মই গুৰুজনাৰ সংস্কৃতি চৰ্চা কৰিবলৈ আজি কাৰোৰে সময় নাই ৷ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিহে নৱপ্ৰজন্ম আগ্ৰহী হোবা দেখা গৈছে ৷ সমাজকৰ্মী খগেন চন্দ্ৰ নাথে আতঁধৰা অনুষ্ঠানটিত বাটচ’ৰাটি নিৰ্মাণ কৰি উলিওৱা ভাস্কৰ্য শিল্পী গোলাপ চন্দ্ৰ নাথক সম্বৰ্দ্ধনা জনোবা হয় ৷ শিল্পী প্ৰস্তুুতি দেৱীৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা বাটচ’ৰাটোৰ উন্মোচনী সভাখনিত শংকৰী কলা কৃষ্টিৰ সাধক বীৰেন চন্দ্ৰ নাথ,নৰেন নাথ,প্ৰবিন শিল্পী গম্ভীৰ নাথ,সমাজকৰ্মী মহিন্দ্ৰ মহন্ত,ধেনুৰাম নাথ,শিক্ষাবিদ ৰাসেশ্বৰ নাথ,কামেশ্বৰ নাথ,প্ৰদীপ নাথ,লিলাধৰ নাথ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰুহিত নাথ,জামুগুৰি গৰখীয়া থানৰ পুজাৰী টংকেশ্বৰ নাথ,বটদ্ৰৱা বৰহিছাৰ পৰা অহা অতিথি খনিন্দ্ৰ মোহন ভূঞা,পুৰ্ণকান্ত নাথকে প্ৰমুখ্যে অঞ্চলৰ ভকত বৈষ্ণৱ সকল উপস্থিত থাকে ৷ অন্যহাতে দুপৰীয়াৰ নাম প্ৰসংগৰ পাছত বিয়লিৰ আই সকলৰ দিহা নাম আৰু সন্ধিয়ালৈ স্থানীয় শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত হয় কেলি গোপাল নাট ৷ উল্লেখ্য যে,কাইলৈ সন্ধিয়া হৰিশ্চন্দ্ৰ উপাখ্যান পালা ভাওনা অনুষ্ঠিত হব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…