তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত শনিবাৰে সাংবাদিকতাৰ ওপৰত কেৰিয়াৰ সম্পৰ্কীয় এক আলোচনা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষা ৰিণা কুমাৰী খনিকৰৰ নেতৃত্বত প্ৰতি শনিবাৰে ছাত্ৰ ছাত্ৰী সকল উপকৃত হোৱাকৈ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। যোৱা শনিবাৰে তেওঁলোকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাংবাদিকতাৰ ওপৰত আলোকপাত কৰিবৰ বাবে সাংবাদিকতাৰ ডিগ্ৰীধাৰী জাগুনৰ সাংবাদিক ঋতুপৰ্ণ ভূঞাক আমন্ত্ৰণ জনায়।ঋতুপৰ্ণ ভূঞাই ছাত্ৰ ছাত্ৰী সকলৰ আগত সাংবাদিকতাৰ বিভিন্ন দিশ,পাঠ্যক্ৰম আৰু কেৰিয়াৰ কেনেদৰে গঢ়িব পাৰি এই দিশ সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰে।বিদ্যালয় খনৰ এনেধৰণৰ পদক্ষেপে ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যতে আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চিত ভাৱে সহায় কৰিব বুলি বিভিন্ন জনে মত পোষণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…
- উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!