ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে বৰ্তমান চলি থকা ফটোযুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী, ২০২২ প্ৰতি লক্ষ্য ৰাখি নাজিৰা নিৰ্বাচনী জিলাত ভোটাৰৰ মাজত ব্যাপক প্ৰচাৰ অভিযান হাতত লৈছে। বিগত প্ৰায় এক সপ্তাহজুৰি নাজিৰা জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি সব্যসাচী কাশ্যপৰ তত্বাবধানত এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে মহকুমাধিপতিৰ সামগ্ৰিক পৰিকল্পনাৰে প্ৰস্তুত কৰা এটি চুটি ভি ডি অ’ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত মুকলি কৰা হৈছে আৰু কমসময়ৰ ভিতৰতে ই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মহকুমাটোৰ অন্তৰ্গত নাজিৰা, মেকীপুৰ, ৰমণী, জয়মতী, ৰহদৈপুখুৰী আদি পঞ্চায়তত ভোটাৰৰ মাজত সজাগতা সৃষ্টি লগতে ভোটাৰ হেল্পলাইন এপৰ সন্দৰ্ভতো প্ৰচাৰ চলোৱা হয়। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে অতি সহজতে ঘৰতে বহি ভোটাৰ তালিকাত নতুন নাম অৰ্ন্তভূক্তি, কৰ্তন, শুধৰণী আদি বিভিন্ন কাম কৰিব পাৰি। নাজিৰা আৰু শিমলুগুৰি নগৰৰ মূল প্ৰাণ কেন্দ্ৰতো এই এপৰ বিষয়ে শিৱিৰ অনুষ্ঠিত কৰা হয়। ইয়াতকৈ উল্লেখনীয় দিশ এইয়াই যে মহকুমাটোৰ অন্তৰ্গত সাতখনকৈ চাহ বাগিচা সামৰি সেই এলেকা সমূহত বিশেষ সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হয়। যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে গড়গাঁও মহাবিদ্যালয়, নাজিৰা মহাবিদ্যালয় আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশেষভাৱে ভোটাৰ হেল্পলাইন এপৰ বিষয়ে প্ৰচাৰ আৰু প্ৰশিক্ষণ দিয়া হয়। লগতে গড়গাঁও মহাবিদ্যালয়ত পোষ্টাৰ প্ৰদৰ্শনী আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতাও সম্পন্ন হৈ যায়। সমগ্ৰ নাজিৰা বিধান সভা সমষ্টি এলেকাসমূহত ভ্ৰাম্যমান বাহনৰ যোগেদি মাইকৰ দ্বাৰা ধাৰাবহিকভাৱে ঘোষণা কৰি ভোটাৰ ৰাইজক উৎসাহিত কৰা পৰিলক্ষিত হয়। এই সমগ্ৰ কাৰ্যসসূচীত নিয়োজিত সহকাৰী নিৰ্বাচক পঞ্জীয়ক বিষয়া, পৰ্যবেক্ষক আৰু সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া সকলে সহযোগ আগবঢ়ায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…