ওদালগুৰি জিলাৰ গেৰুৱা অঞ্চলৰ ড্রেগন ফলৰ খেতিৰ বাটকটীয়া চন্দন দৈমাৰীৰ হাতত ধৰি আগবাঢ়িছে ৰঞ্জন ব্ৰহ্ম। তুলনামূলকভাৱে অন্যান্য খেতিতকৈ ড্রেগন ফলৰ খেতিত লাভ হোৱাত ই এক লাভজনক খেতিৰ জৰিয়তে বছৰত পাঁচ লাখ টকা বিক্রী হয়। এই ফলৰ বজাৰ মূল্য প্রতি খেতি ৰূপে কৃষক সমাজত সমাদৰ লাভ কৰিছে। গেৰুৱাৰে বাসিন্দা ৰঞ্জন দৈমাৰীয়ে মাত্ৰ ডেৰ বিঘা মাটিত তিনি বছৰ পূৰ্বে সামান্য মূলধনেৰে আৰম্ভ কৰা ড্রোগন ফলৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। নিবনুৱা বুলি হায়ৈ-বিয়ে নকৰি, চাকৰিৰ পিচত নদৌৰি দৈমাৰীয়ে ভাতৃ চন্দন দৈমাৰীৰ পথেৰে ড্রোগন ফলৰ খেতিত মনোনিবেশ কৰে। তেওঁ সাংবাদিকৰ আগত কয়— মোৰ সৰুৰে পৰাই খেতি-বাতি কৰাত বৰ আগ্ৰহ আছিল। প্রথম পর্যায়ত বগৰী খেতিত মনোনিৱেশ কৰো যদিও কৃষি ব্যৱসায় সূত্রে পশ্চিমবংগৰ এগৰাকী বাঙালী লোকেৰে পৰিচয় হয়। তেৱেঁই মোক এই ড্রেগন খেতিৰ বাবে দিহা দিয়ে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়ায়। চন্দন দাদাৰ পৰাও সহায়- সহযোগিতা পাইছো। তেওঁৰ পৰামৰ্শ মতে মই ২০১৮ চনৰ পৰা ডেৰ বিঘা মাটিত ড্রেগন ফলৰ খেতি আৰম্ভ কৰো। এই ফলৰ বজাৰৰ বাবেও হাবাথুৰি খাবলগা হোৱা নাই। ওচৰৰে ওদালগুৰি টাউন, ৰৌতাতে এই ফল কেজিত ৩৫০/৪০০ টকা যদিও এই ফাৰ্মৰ পৰা ২৫০ টকা দৰত মানুহে জন্ম কৰে। এই ফল অতি উৎকৃষ্ট। আইৰণ, চি ভিটামিন, প্ৰ’টিন, মেগনেছিয়ামৰ পৰা আৰম্ভ কৰি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ মিনাৰেলেৰে পৰিপূৰ্ণ এই ফল। এই খেতি সম্পূর্ণ প্রাকৃতিক উপায়েৰে কৰা হয়। গোবৰেই একমাত্র ইয়াৰ সাৰ। এই খেতি কৰাও সহজ। মই অকলে এই ডেৰ বিঘা মাটিত খেতি কৰিছো। অন্য খেতিত মানুহ বেছি লাগে, শ্রমিক লাগে। এই খেতিৰ বাবে যাৱতীয় খৰচ কম কিন্তু লাভ বেছি। অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে চাকৰিৰ বাবে হাবাথুৰি খাই থকাৰ কোনো দৰকাৰ নাই। এবিঘা-দুবিঘা মাটিৰেই এই খেতি কৰি বছৰেকত ৫ৰ পৰা ১০লাখ টকা উপার্জন কৰি এক সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিশ্ব হাঁপানী দিৱসঃ প্ৰাপ্তবয়স্কতকৈ অধিক শিশু হাঁপানী ৰোগী! পিতৃ-মাতৃয়ে হাঁপানীৰ এই প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে…
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…