মৰিগাঁও জিলাৰ শিক্ষা বিভাগক লজ্জানত কৰা ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ নায়কক অৱশেষত আৰক্ষীৰ জালত পৰিল আটিকুল ইছলাম ।মৈৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বনকৰা লৰা আটিকুল ইছলাম। প্ৰধান শিক্ষক নজৰুল ইছলামে আটিকুলক স্কুলৰ কামত ব্যৱহাৰ কৰিছিল।আটিকুলক স্কুলৰ চৌহদতে থাকিব দিছিল নজৰুলে।মৰিগাঁও টাউন স্কুলৰ পৰা প্ৰশ্ন কাকত নীতিবহিভূত ভাৱে প্ৰধান শিক্ষকে অনাইছিল আটিকুলৰ সহায়ত। ২৫ আৰু ২৭ নৱেম্বৰত সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান প্ৰশ্ন কাকত ফাডিল কৰিছিল আটিকুলে।প্ৰতিখন প্ৰশ্নৰ বাবত ২০০০ কৈ টকা লৈছিল আটিকুলে। ২৫ নৱেম্বৰত নৱম আৰু দশম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত আগদিনাই বিক্ৰী কৰিছিল। পুণৰ ২৭ নৱেম্বৰত দশম শ্ৰেনীৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত আগ দিনাই বিক্ৰী কৰিছিল আটিকুলে।লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াই তদন্ত কৰিছিল প্ৰশ্ন কাকত ফাডিল কাণ্ড। চক্ৰ বিষয়াৰ তদন্তৰ ভিত্তিত ৰবি বাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছে আটিকুলক।এই কাণ্ডৰ বাবে গ্ৰেপ্তাৰ হব পাৰে কেবাজনো শিক্ষক।স্কুলৰ কৰ্মচাৰী নোহোৱাকৈ প্ৰশ্ন কাকত অনাৰ দৰে দায়িত্ব বনকৰা লৰা আটিকুলক প্ৰধান শিক্ষক নজৰুল ইছলামে কিয় দিছিল সেয়া ৰহস্যজনক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…