সম্প্ৰীতি স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু বৃহত্তৰ লাইপুলি ডিমৰুগুৰি অঞ্চলবাসী ৰাইজৰ সহযোগত ২৫ অক্টোবৰ তাৰিখ পৰা লাইপুলি ইন্দিৰা গান্ধী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিনামূলীয়া এমহীয়া এথলেটিকচ্ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠানটি ২৮ নবেম্বৰত সফল সামৰণি পৰে। শিক্ষক অমৃত ৰাজখোৱাই সভাপতিত্ব কৰা সামৰণি অনুষ্ঠানৰ সভাত সম্প্ৰীতি স্পৰ্টছ একাডেমিৰ সভাপতি শীৰ্ষজোতি নেওগে উদ্দেশ্যে বাখ্যাত বৃহত্তৰ লাইপুলি অঞ্চলটোৰ কলা- সংস্কৃতি , গ্ৰাম্য উন্নয়ন, বিজ্ঞন-প্ৰযুক্তি, শিক্ষা, পৰিৱেশ, স্বাস্থ্য, ক্ৰীড়া, নাৰী আৰু শিশু কল্যাণকে ধৰি অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা হোৱা সম্প্ৰীতি স্পৰ্টছ একাডেমীয়ে গ্ৰাম্যাঞ্চলৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈসকলৰ উন্নতি সাধনাৰ্থে কাম কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি যাব বুলি বক্তব্য আগবঢ়ায়। উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ এথলেটিকচ্ সম্পাদক কপিধৰ হাজৰিকা, বৰগুৰি আঞ্চলিক ক্ৰীড়া সংস্থাৰ সভাপতি জিতেন গগৈ, আন্তৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ তথা প্ৰশিক্ষক সত্যনাথ দুৱৰা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকচ্ খেলুৱৈ তথা প্ৰশিক্ষক মৌচুমী চেতিয়া দাস,মটক জনগোষ্ঠীৰ লেখক প্ৰবন্ধকাৰ ফটিক চন্দ্ৰ নেওগ, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৰুপম কাকতি, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, শিক্ষক ক্ৰমে মনোজ বৰপাত্ৰগোঁহাই, ধৰ্য্যনাথ গোহাঁই, আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ খোজ কঢ়া প্ৰতিযোগী যাদৱ মিলি, শাৰিৰীক প্ৰশিক্ষক অভিনৱ বৰগোহাঁই, সমাজসেৱক দেব চেতিয়া, সম্প্ৰীতি স্পৰ্টছ একাডেমীৰ সম্পাদক গিৰিণ বৰপাত্ৰগোঁহাই, নাৰি কল্যাণ বিভাগৰ সম্পাদিকা প্ৰতিভা গগৈ চেতিয়া,সম্প্ৰীতি স্পৰ্টছ একাডেমিৰ বিষয়ববীয়া ক্ৰমে মন্টু মাউত, দিপাংকৰ বড়া, শুভাৰঞ্জন ডিব্ৰুৱাল, বুবু বৰপাত্ৰগোঁহাই, গণিত বড়া, যুগ্মজিৎ ফুকন, বলিন বড়া, ধন্তী বৰপাত্ৰগোঁহাই, লগতে বহু স্থানীয় গণ্য মান্য ব্যক্তি। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনিকৈ মানপত্ৰ প্ৰদান কৰে সম্প্ৰীতি স্পৰ্টছ একাডেমীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!
- প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…
- নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…
- চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…
- হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…
- বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…
- জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…