বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত সোমবাৰে সন্ধিয়াৰ ভাগত বঙাইগাঁও জিলাৰ কোভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব লাভ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু অসম অসামৰিক সেৱাৰ বিষয়া তথা হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব আৰু চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালক ভাস্কৰ ফুকনৰ লগতে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই একেলগে এখন সংবাদ মেল সম্বোধন কৰি জিলাখনৰ কোভিড- ১৯ টিকাকৰণ সন্দৰ্ভত শেহতীয়া তথ্য দাঙি ধৰে ৷ দেশৰ আন ৰাজ্যৰ তুলনাত অসমে কোভিড পৰিস্থিতি ভালদৰে মোকাবিলা কৰাৰ লগতে কোভিড টিকাকৰণতো উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি সোমবাৰৰ পৰা আৰম্ভ হোৱা ঘৰে ঘৰে গৈ টিকা প্ৰদান কৰা কোভিড – ১৯ সম্পূৰ্ণ টিকাকৰণ অভিযান ”হৰ ঘৰ দস্তক” অভিযানো সফলতাৰে সম্পন্ন হ’ব বুলি জ্যেষ্ঠ পৰ্যবেক্ষক তথা বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদে সংবাদ মেলত আশা ব্যক্ত কৰে।লগতে কোভিড টিকাকৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ আন আগশাৰীৰ জিলাসমূহৰ লগতে বঙাইগাঁও জিলাও সফল হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব তথা আনগৰাকী পৰ্যবেক্ষক ভাস্কৰ ফুকনে সংবাদ মেলত সাংবাদিকসকলক তেওঁলোকৰ বাতৰিৰ জৰিয়তে এতিয়ালৈকে কোভিড টিকা নোলোৱা লোকসকলক প্ৰতিষেধকটো ল’বলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজৰ মাজত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে।উল্লেখ্য যে বঙাইগাঁও জিলাত পৰ্যবেক্ষকদ্বয়ে কেবাটাও স্থান পৰিদৰ্শন কৰে। বঙাইগাঁও জিলাত ঘৰে ঘৰে গৈ সৰ্বসাধাৰণ ৰাইজে কোভিড-১৯ টিকা লৈছে নে নাই সেয়া পৰিদৰ্শন কৰে। ১০০ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চৰকাৰে সোমবাৰৰ পৰা ৫ ডিচেম্বৰলৈ কোভিড -১৯ সম্পূৰ্ণ টিকাকৰণ সন্দৰ্ভত”হৰ ঘৰ দস্তক” কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে কোভিডৰ পৰা সকলো ৰাইজক সুৰক্ষিত ৰখাটো চৰকাৰৰ উদ্দেশ্য বুলিও পৰ্যৱেশকদ্বয়ে কয় ৷ ইপিনে বঙাইগাঁও জিলাত এতিয়ালৈকে কোভিডৰ প্ৰথম পালি টিকা এশ শতাংশৰো অধিক লোক আৰু দ্বিতীয় পালি প্ৰায় ৫০ শতাংশ লোকে গ্ৰহণ কৰা বুলি সংবাদ মেলত উপায়ুক্ত ডা: এমএছ লক্ষ্মীপ্ৰিয়াই প্ৰকাশ কৰে ৷ জিলা উপায়ুক্তই সংবাদ মেলত সদৰি কৰা মতে বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত মুঠ ৪,৮৮৯ পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷ আনহাতে জিলাখনত বৰ্তমানলৈকে মুঠ ৮,১৬,৯৮০পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত এশ শতাংশ কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সফল হ’ব বুলিও আশা ব্যক্ত কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…
- সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…
- সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ