সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙত দ্ৰুত গতিত চলিছে স্বাস্থ্য বিভাগৰ হৰ ঘৰ দস্তক অভিযানৰ কাম। বৃহস্পতিবাৰ দিনাই হোজাই জিলা উপায়ুক্তৰ ভেকচিন দিয়াৰ নতুন পদ্ধতি, ভেকচিন নললে বিদ্যুৎ সেবা কৰ্তন কৰি দিয়াৰ নিৰ্দ্দেশ।কভিদ ভেকচিনেশ্বনৰ বাবে হৰ ঘৰ দস্তক কাৰ্যসূচী জিলা উপায়ুক্তৰ। হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ জয়েন্ট ডাইৰেক্টৰ,লামডিঙ F R U চিকিৎসক, নাৰ্চ,আশা কৰ্মী আৰু স্থানীয় বিধায়ক শিবু মিশ্ৰৰ উপস্থিতি লামডিংৰ বিভিন্ন প্ৰান্তত থকা যোনে যোনে ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি লোৱা নাই তেওঁলোকৰ ঘৰত গৈ ভেকচিন প্ৰদান কৰা হয়।

