গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসত সভা

ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চমুকৈ  আৰ. এম. এচ. এৰ অধীনস্থ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ছাত্ৰী নিবাসত এখন  গুৰুত্বপূৰ্ণ  সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বিগত সময়ত উক্ত নিবাসীটি ক’ভিড আক্ৰান্ত ৰোগীৰ বাবে  ডিব্ৰুগড় জিলা প্ৰশাসনে কভিড কেয়াৰ চেন্টাৰ হিচাপে দীৰ্ঘ দিন ব্যৱহাৰ কৰা ফলত নিবাসটি বন্ধ হৈ আছিল । সম্প্ৰতি ক’ভিড সংক্ৰমণ ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ সমান্তৰালকৈ শিক্ষানুষ্ঠানসমূহো চৰকাৰে মুকলি কৰি দিয়াৰ পাছত নিবাসটি চৰকাৰী নিৰ্দেশনা অনুসৰি আবাসীৰ বাবে পুনৰ মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা নিবাসৰ সদস্য সচিব তৰুণ তামুলীৰ পৌৰোহিত্যত  নিবাসৰ প্ৰাংগনত আবাসী, অভিভাৱক আৰু অভিভাৱিকাৰ উপস্থিতিত নিবাস পৰিচালনা সম্পৰ্কীয় এখনি সৌহাদ্যমুলক আলোচনা সম্পন্ন হয়। উল্লেখ্য যে প্ৰায় এশ গৰাকী দৰিদ্ৰ সমীৰেখা তলৰ  ছাত্ৰী বাবে বিনামূলীয়া চৰকাৰী থকা-খোৱা সুবিধা উপলব্ধ এই আবাসত গৃহ জিলাৰ লগতে চুবুৰীয়া জিলাৰ  বিভিন্ন অঞ্চলৰ  বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ণৰত ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰি আহিছে। 

Related Articles