পাটনাৰ পৰা গুৱাহাটী পালেহী প্ৰথমখন মালবাহী জাহাজ।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৈতে ভাৰত-বাংলাদেশ প্ৰট’কল পথেৰে পাটনা হৈ গুৱাহাটীৰ পাণ্ডু বন্দৰ পালেহী প্ৰথমখন মালবাহী জাহাজ।জাহাজখনে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ২৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ‘এম ভি লাল বাহাদুৰ শাস্ত্ৰী’য়ে পাটনাৰৰ পৰা ২০০ মেট্ৰিক টন খাদ্য শস্য কঢ়িয়াই আনিছে।এতিয়াৰে পৰা আৰম্ভ হ’ল জল পথৰে খাদ্য সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ প্ৰক্ৰিয়া। পাটনাৰ পৰা পাণ্ডু প’ৰ্টলৈকে চলিল মালবাহী জাহাজ খন।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত জল পৰিবহনত এয়া উল্লেখনীয় সংযোজন। ৫ ফেব্ৰুৱাৰীত পাটনাৰ গাইঘাটৰ পৰা ৰাওনা হৈছিল এম ভি লাল বাহাদুৰ শাস্ত্ৰী কাৰ্গো জাহাজখন।

ইয়াৰ লগে লগে মুকলি হ’ল ইন্দো বাংলাদেশ প্ৰট’কল ৰোড।পাণ্ডু প’ৰ্টত জাহাজ আৰু জল মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থাকি ‘এম ভি লাল বাহাদুৰ শাস্ত্ৰী’ক আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related Articles