জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয়লৈ উন্নিত

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখনি সংৱাদমেল অনুষ্ঠিত হৈ যায় ৷ বিদ্যালয় পৰিচালনা কমিটিয়ে আয়োজন কৰা এই সংবাদমেলত জামুগুৰি উচচতৰ মাধ্যমিক বিদ্যালয়ক অসম চৰকাৰে আদৰ্শ বিদ্যালয়ৈ উন্নিত কৰাৰ কথা ঘোষণা কৰাৰ লগতে অহাবৰ্ষৰ পৰা এই আদৰ্শ বিদ্যালয়ত চি বি এচ চি আৰু চেৱাৰ বিষয়ৰ ওপৰত শিক্ষাদান কৰা হব ৷ইয়াৰোপৰি ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে ছাত্ৰছাত্ৰীয়ে অধ্যয়নৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই ৷ইতিমধ্য বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাৱে অসম চৰকাৰে তিনিকোটি টকা আৱণ্টন দিয়া বিষয়েও মন্তৱ্য কৰে তত্বাবধায়ক শিক্ষক নিতুমনি বৰাই ৷

বিগত দহবছৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক মান অধিক উন্নতহোৱা বুলি মন্তৱ্য কৰাৰ লগতে বিদ্যালয়খনৰ পূৰ্বৰ মান অক্ষুন্ন ৰাখিবলৈ বিদ্যালয় কতৃপক্ষই সকলো ধৰণৰ চেষ্টা অব্যাহত ৰখা বুলি মন্তৱ্য কৰে অধ্যক্ষ আৰু তত্বাবধায়ক শিক্ষক জীৱন বৰা আৰু নিতুমনি বৰাই ৷জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ স্কুললৈ উন্নিত কৰাত অসমৰ মূখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয় কতৃপক্ষই৷

Related Articles