দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দিনক দিনে বাঢ়ি আহিছে। দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ ৮০ পইচা বৃদ্ধি পাইছে। এই মূল্যবোৰ প্ৰথমবাৰৰ বাবে ২২ মাৰ্চ অৰ্থাৎ মঙলবাৰে সলনি কৰা হৈছিল যাৰ পিছত যোৱা ১৬ দিনত ১৪ তম বাৰৰ বাবে ইন্ধন ব্যয়বহুল হৈ পৰিছে আৰু তেতিয়াৰ পৰা পেট্ৰ’ল-ডিজেল ১০ টকাতকৈও অধিক বৃদ্ধি পাইছে। আজিও একেই কথা, চিএনজিৰ মূল্যও আঢ়ৈ টকা বৃদ্ধি কৰা হৈছে।

