সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে সমগ্ৰ ৰাজ্যত ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালকৈ জামুগুৰিহাটতো সদৌ জামুগুৰি ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷

বিক্ষোভ কাৰ্যসুচীত সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ সভাপতি অভিজিত নাথৰ লগতে অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিত কলিতাইও অংশগ্ৰহণ কৰে।

