ডিব্ৰুগড়ত ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতিৰ সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’ শীৰ্ষক বক্তৃতা সম্পন্ন…

 ডিব্ৰুগড় সাহিত্য সভা, ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আজি ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতি : সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’  শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান কানৈ মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হয়৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন বিভাগৰ অধ্যাপক, বিশিষ্ট লেখক ড৹ জগদীশ পাটগিৰিয়ে উক্ত বিষয়ত এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে৷ বৰ্তমান সময়ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি আহি পৰা বিভিন্ন প্ৰত্যাহ্বানসমূহৰ বিষয়ে তথ্যসমৃদ্ধভাৱে উল্লেখ কৰি এইবোৰ কিদৰে নোহোৱা কৰি এক নতুনত্ব মাত্ৰা প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত ড৹ পাটগিৰিয়ে খুব সুন্দৰকৈ ব্যক্ত কৰি উপস্থিত সকলোকে চিন্তাৰ খোৰাক যোগায়৷

বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈয়ে সাহিত্য সভাৰ তৰফৰ পৰা আদৰণি জনায়৷ কানৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই উপস্থিত সকলোকে সাদৰ সম্ভাষণ কৰা অনুষ্ঠানটোত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবৰীয়াই শুভেচ্ছামূলক দুআষাৰ বক্তব্য আগবঢ়ায়৷ এই অনুষ্ঠানতে কানৈ মহাবিদ্যালয়ৰ গ্ৰীণ ক্লাবৰ পৰা প্ৰকাশিত আৰু অধ্যাপক এল ডুংগেলৰ সম্পাদনাত প্ৰকাশিত এখন মুখপত্ৰ উন্মোচন কৰে ড৹ জগদীশ পাটগিৰি আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে৷ ‘অসমৰ ভাষা-সাহিত্য সংস্কৃতি : সংকট, প্ৰত্যাহ্বান আৰু আমাৰ কৰ্তব্য’ শীৰ্ষক বক্তৃতানুষ্ঠানটোত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অঞ্জুমণি ফুকন, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, বিশিষ্ট লেখক, দৈনিক অগ্ৰদূত কাকতৰ সহকাৰী সম্পাদক হেমন্ত ভৰালী, উপাধ্যক্ষ ড৹ প্ৰিয়দেৱ গোস্বামী, অভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ ড৹ মৃদুল শৰ্মাকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে এই অনুষ্ঠানটোত উপস্থিত থাকে৷ কানৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ডিব্ৰু মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা মুনমী বৰুৱাই৷

Related Articles