মে’ মাহত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল…  

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশ পাব। গহপুৰত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। যোৱা ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা মে’ মাহৰ ভিতৰতে ঘোষণা কৰাৰ কথা সদৰী কৰি আজি সাংবাদিকৰ আগত শৰ্মাই কয় যে সকলো ঠিকে থাকে থাকিলে অহা মে’ মাহৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

তেওঁ অসমৰ বিভিন্ন ঠাইৰ মেট্ৰিক পৰীক্ষাৰ বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰি গহপুুুৰত উপস্থিত হয়। তেওঁ প্ৰথমে গুৱাহাটীৰ মেট্ৰিক পৰীক্ষা বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰি ক্ৰমে দৰং, ওদালগুৰি, তেজপুৰ, বিশ্বনাথ, গহপুুুৰ আদি অঞ্চলৰ পৰীক্ষা বহী মূল্যায়ন কেন্দ্ৰ পৰিদৰ্শন কৰে।

Related Articles