অসম নাট্য সন্মিলনৰ বিভিন্ন বঁটা ঘোষণা…

অসম নাট্য সন্মিলনে এই বেলি “নাট্য সন্মিলন বঁটা“ প্ৰদান কৰিব নগাঁৱৰ জীৱেশ্বৰ দেৱ গোস্বামীক ৷ অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক , সত্ৰাধিকাৰ , শিক্ষাবিদ জীবেশ্বৰ দেৱ গোস্বামীৰ ঘৰ নগাঁৱত ৷ ইফালে “মহেন্দ্ৰ বৰঠাকুৰ বঁটা“ প্ৰদান কৰিব প্ৰকাশ মেধিক ৷ প্ৰয়াত প্ৰকাশ মেধি ৰাজ্যৰ এজন বলিষ্ঠ নাট্যকাৰ আৰু পৰিচালক আছিল ৷ অসম নাট্য সন্মিলনে নতুনকৈ প্ৰবৰ্তন কৰা নাট্যপ্ৰভাকৰ “সত্য প্ৰসাদ বৰুৱা নাট্যসমালোচক বঁটা“ নগাঁৱৰ ৰাজ্যিক অধিবেশন স্থলীতে এইবাৰ প্ৰদান কৰিব ৷ এই বঁটা প্ৰদান কৰা হ’ব নাট্য সমালোচক , শিক্ষাবিদ ড° শৈলেন ভড়াঁলীক ৷ অসমীয়া প্ৰতিদিন ডিজিটেলক এই কথা জনাইছে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়ে ৷

প্ৰধান সম্পাদক ৰয়ে জনোৱা মতে, বঁটা সমূহ অধিবেশনৰ ১০ এপ্ৰিলৰ মুকলি সভাত প্ৰদান কৰা হ’ব ৷ মুকলি সভাতে সন্মিলনে শিল্পী নিপন গোস্বামী , বিদ্যা ৰাও , বলীন বৰগোহাঁই , ভোগী বৰ্মন, বাদল চৌধুৰী , কানু গোস্বামী ,প্ৰয়াত ড° দিলীপ কুমাৰ বৰুৱাক সম্বৰ্দ্ধনা জনাব ৷৬ এপ্ৰিলৰ পৰা কলঙৰ বাকৰি নেহৰুবালিত আৰম্ভ হোৱা ৬০ সংখ্যক অসম নাট্য সন্মিলনৰ ৰাজ্যিক অধিবেশনৰ শুকুৰবাৰৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সাধাৰন পৰিষদৰ সভা অনুষ্ঠিত হয় ৷ দুপৰীয়াৰ পৰা একক অভিনয় প্ৰতিযোগিতা, শিশু নাট, এন এছ ডিৰ নাট প্ৰদৰ্শন, নাট প্ৰতিযোগিতা আদি কাৰ্যসূচী আছে ৷

Related Articles