বৰপেটা জিলাৰ কলগাছিয়াস্হিত ৰূপসী শিশু উন্নয়ন প্ৰকল্পত শিশু, প্ৰসূতি আৰু গৰ্ভৱতী মহিলাৰ খাদ্য যোগানৰ ক্ষেত্ৰত চৰম অনিয়ম হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যি সময়ত চৰকাৰে শিশু আৰু শিশুৰ মাতৃয়ে যাতে পুষ্টিহীনতাৰ অভাৱত কষ্ট কৰিবলগীয়া নহয় তাৰ বাবে বিভিন্ন আচঁনিৰ জৰিয়তে শিশু আৰু শিশুৰ মাতৃক পুষ্টিকৰ সামগ্ৰী যোগান দি থকা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত কলগাছিয়া ৰূপসী শিশু উন্নয়ন প্ৰকল্পত শিশু আৰু মহিলাৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত চৰম অনিয়মে একাংশ অঙ্গনবাড়ী কৰ্মী আৰু সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জানিব পৰা মতে একে সমানে শিশু আৰু প্ৰসূতি আৰু গৰ্ভৱতী মহিলা থকা কেন্দ্ৰৰ বেংক একাউণ্টত টকা সোমাই দিয়াৰ ক্ষেত্ৰতো অনিয়ম হোৱা দেখা গৈছে। চাউল আৰু মটৰ যোগান ধৰাৰ ক্ষেত্ৰতো ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভিতৰ চৰাত দেখা দিয়া বিভিন্ন ধৰণৰ অনিয়ম সমূহ তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰ দৃষ্টি কামনা কৰিছে অঙ্গনবাড়ী কৰ্মী তথা সচেতন মহলে।

