Breaking

যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে

0 30

আই পি এলত হাৰ্ডিক বাহিনীৰ বৃহৎ জয়।যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে ।ৰাহুল টেৱাতিয়াৰ ২ টাকৈ অভাৰ বাউণ্ডেৰীৰে গুজৰাট টাইটানছৰ বিজয় সাব্যস্ত ।শতকৰ বাবে ৪ ৰাণত থমকিল শুভমন গিল ।

ক্ৰিকেটত সকলো সম্ভৱ, তাকেই পুনৰ প্ৰমাণ কৰিলে গুজৰাটৰ ৰাহুল টেৱাতিয়াই । শুক্ৰবাৰে, আই পি এলৰ মহাৰণৰ এখন ৰোমাঞ্চকৰ মেচ । সমুখ সমৰত পঞ্জাব কিংছ বনাম আই পি এলৰ নতুন দল গুজৰাট টাইটানছ । শেষৰ দুটা বললৈকে গম ধৰিব পৰা নাছিল কোনটো দল জিকিব । গুজৰাটক প্ৰয়োজন আছিল ১৯০ ৰাণ । কিন্তু ১৯ অভাৰ ৪ টা বললৈকে হাৰ্ডিক বাহিনীক প্ৰয়োজন আছিল ১২ ৰাণৰ । সেই অসম্ভৱক সম্ভৱ কৰিলে গুজৰাটৰ ৰাহুল টেৱাতিয়াই । শেষৰ দুটা বলত দুটাকৈ ছিক্সাৰে বিজয় লক্ষ্যত উপনীত কৰালে গুজৰাট টাইটানছক । যিটো বিজয় হয়তো, অনুৰাগী বা অধিনায়ক হাৰ্ডিক পাণ্ডিয়াৰ বাবেও আছিল অবিশ্বাস্য । যাৰবাবে মেচখন জিকাৰ পাছতো পেভেলিয়নত অন্য এক ৰূপত দেখা গৈছিল হাৰ্ডিক পাণ্ডিয়াক। ইফালে শুভমন গিলেও গুজৰাটৰ হৈ ৫৯ টা বলত ৯৬ ৰাণৰ সুন্দৰ ইংনিছ খেলে । অধিনায়ক হিচাপে হাৰ্ডিক পাণ্ডিয়াই ২৭ ৰাণ সংগ্ৰহ কৰি আউট হলেও ৰাহুল টেৱাতিয়াই দিলে জয়ৰ প্ৰলেপ ।

একপ্ৰকাৰ বহু যুঁজিও শিৰনত কৰিলে মায়ংক বাহিনীয়ে । ৯ টা উইকেটৰ বিনিময়ত পঞ্জাৱে সংগ্ৰহ কৰে ১৮৯ ৰাণ । পঞ্জাৱৰ হৈ এল লিভিংষ্টনে ২৭ টা বলত ৬৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে মায়ংক আগৰৱালই ৯ টা বলত ৫ ৰাণ কৰিয়েই আউট হয় । এক কঠিন লক্ষ্য লৈ ক্ৰীজত নমা গুজৰাটে চলিত ছিজনত তৃতীয় বাৰলৈ বিজয় সাব্যস্ত কৰিলে । লগে লগে ৬ পইন্ট সংগ্ৰহেৰে তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হ’ল গুজৰাট । ইফালে চাৰিখন মেচৰ ভিতৰত দুখনত জয়লাভ কৰি ৪ পইন্টৰে তালিকাৰ ষষ্ঠ স্হানত আছে পাঞ্জাব কিংছ ।


শনিবাৰে অনুষ্ঠিত হ’ব দুখনকৈ হাই ভল্টেজ মেচ । এখনত অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ, আনখনত আৰ চি বি বনাম মুম্বাই ইণ্ডিয়ানছ ।আই পি এলত বহু খেল আহিল আৰু গ’ল। কিন্তু নতুন দল হিচাপে শুক্ৰবাৰে আই পি এলত গুজৰাটে যি প্ৰদৰ্শন আগবঢ়ালে ,সদায় মনত ৰাখিব অনুৰাগীয়ে। গুজৰাট টাইটানছ দলৰ হিৰোত পৰিণত হল ৰাহুল টেৱাতিয়া 

Leave A Reply