নলবাৰী জিলাৰ বৰকুৰিহা গাঁৱত অৱস্থিত অসম বুৰঞ্জী খ্যাত পুণ্যতীৰ্থ গংগাপুখুৰীৰ এখন সুদৃশ্য স্থায়ী তোৰণ আনুষ্ঠানিক ভাৱে আজি উন্মোচন কৰা হয়। হাজো – নলবাৰী পথৰ দাতিত গংগাপুখুৰীলৈ যোৱা মূল পথত নিৰ্মিত তোৰণখন উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ শৰ্মাই। দিনৰ ১১ বজাত বাসন্তী পূজা আৰু মহাবিষ্ণু যজ্ঞ পূজা খোলাৰ মঞ্চ অনুষ্ঠিত উন্মোচনী সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ব্যক্তব্য আগবঢ়াই নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। শিক্ষাবিদ ডঃ বীৰেন্দ্ৰ ডেকা, ডা: উমেশ চক্ৰৱৰ্তী, ডা:ভূপেশ চন্দ্ৰ শৰ্মা, সমাজকৰ্মী মুকুল তালুকদাৰ, দামোদৰ শৰ্মা, ভৱেশ শৰ্মা, দ্বীজেন্দ্ৰজিৎ দাস, জ্যেষ্ঠ নাগৰিক মঞ্চ, বৰভাগৰ সভাপতি দ্বীজেন কাকতি, ড০ প্ৰফুল্ল শৰ্মা, ডা:অনিল ৰায়মেধি, গাওঁবুঢ়া ভৃগু ৰায়মেধিৰ লগতে তোৰণ দাঁতা বিপুল কলিতা উক্ত উদ্ধোধনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।
আনহাতে, উক্ত মঞ্চতে বিগত বৰ্ষত উচ্চ শিক্ষাৰ দিশত বিশেষ সাফল্য কঢ়িয়াই অনা বৰকুৰিহাৰ ড: চন্দন কলিতা, ড: ৰঞ্জন কলিতা, ড: শিশিৰ কলিতা আৰু সংগীতৰ ক্ষেত্ৰত ৰীনা কলিতা, দিহানামৰ বিদ্যাৱতী কলিতা, ভানুমতী কলিতাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। উন্নয়ন সমিতিৰ সভাপতি অমৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে শিক্ষক সঞ্জীৱ(বিজু) মহাজনে। উল্লেখ্য যে, বৰকুৰিহাৰ আদৰ্শ কৃষক বিদ্যাৰাম কলিতা আৰু অন্নৱালা কলিতাৰ স্মৃতিত পুত্ৰ বিপুল কলিতাই সম্পূৰ্ণ নিজা খৰছেৰে সুদৃশ্য তোৰণখন নিৰ্মাণ কৰি মহানতাৰ পৰিচয় দিছে।

