বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰাক:ক্ষণত কামৰূপ জিলাৰ বকোত লক্ষ্য লক্ষ্য ভক্তৰ সমাগম ঘটে শ্ৰী শ্ৰী মা পাৰ্ব্বতী দেৱীৰ থানত। লোক বিশ্বাস মতে শ্ৰী শ্ৰী মা পাৰ্ব্বতী দেৱীৰ মন্দিৰত সেৱা জনায় মানস কৰিলে মনোকামনা পূৰণ হয়। সেয়েহে ৰাজ্য খনৰ ভিতৰৰে নহয় অন্যান্য ৰাজ্যৰ পৰাও লক্ষ্য লক্ষ্য ভক্তৰ সমাগম ঘটে। উল্লেখ্য যে ; ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপাৰাস্থিত মা পাৰ্ব্বতী দেৱীৰ থানত অনুষ্ঠিত হয় মা পাৰ্ব্বতী মেলাৰ। আজি পুৱতি নিশাৰ পৰাই অগণন ভক্তৰ আগমণ ঘটে আৰু দিনতো পূজাৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে।
ইফালে সমগ্ৰ দিনটোত বিৰ দি বাট নোপোৱা অৱস্থাৰে সমাগম ঘটা লক্ষ্য লক্ষ্য ভক্তক সিদ্ধ প্ৰসাদ বিতৰণ কৰে শ্ৰী শ্ৰী মা পাৰ্ব্বতী লক্ষ্মী ভাণ্ডাৰীৰ প্ৰভূ সকলে। বৃহত্তৰ অঞ্চলটোৰ ধুপধৰা ; নোৱাপাৰা ; জালুকবাৰী আৰু নাৰেঙাৰ বাবা মহাদেৱৰ ভক্ত সকলোৰ উমৈহতীয়া মঞ্চ শ্ৰী শ্ৰী মা পাৰ্ব্বতী লক্ষ্মী ভাণ্ডাৰী। এই মা পাৰ্ব্বতী লক্ষ্মী ভাণ্ডাৰীৰ কৰ্মকৰ্তাই নিজৰ শ্ৰম দান দি বিতৰণ কৰে পাহাৰৰ ওপৰত গৰম গৰম প্ৰসাদ। প্ৰসাদ বিতৰণ কাৰ্য্যৰ বাবে লক্ষ্মী ভাণ্ডাৰীক শলাগ লয় ভক্ত গণে।

