অগপ নেতা দেউৰাম শইকীয়াৰ মৃত্যু, বিধায়কৰ শোক…

আজি  পুৱা ৬ বাজি ৩০ মিনিটত চেঙেলীআটি অঞ্চলৰ শিক্ষাবিদ, অসম আন্দোলনৰ সংগ্ৰামী আৰু অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ পৰাই দলৰ হৈ নি:স্বাৰ্থ ভাৱে সেৱা আগবঢ়াই অহা বিভিন্ন সামাজিক কৰ্মত জড়িত ধৰ্মপ্ৰাণ ব্যক্তি দেউৰাম শইকীয়াৰ এশ তিনি বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে । অগপ দলৰ ৩৯ নং পঞ্চায়ত পৰিষদৰ সক্ৰিয় সদস্য অভিজিত শইকীয়াৰ পিতৃ দেউৰাম শইকীয়া।

দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে এক শোক বাৰ্তাত কয় যে “আমাৰ অভিভাৱক স্বৰূপ দেউৰাম শইকীয়া ছাৰৰ মৃত্যু এক অপূৰণীয় ক্ষতি”। বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে  শোক সন্তপ্ত  পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে দেউৰাম শইকীয়াৰ  বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।

Related Articles