Breaking

শিৱানী বাৰ্মাৰ পৰা কিদৰে হল বি কে শ্বিৱানী

0 97

ভাৰতৰ ব্ৰহ্মকুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰুমা আৰু নেত্ৰী হ’ল বি কে শ্বিৱানী ৷ জনসমাজত তেখেতক বিভিন্ন সন্মানসূচক নামেৰে জনা যায়,যেনে- চিষ্টাৰ শ্বিৱানী , ব্ৰহ্মকুমাৰী শ্বিৱানী , বি কে শ্বিৱানী আদি ৷

বি কে শ্বিৱানী অৰ্থাৎ শ্বিৱানী বৰ্মাৰ জন্ম হৈছিল ১৯৭২ চনৰ ৩১ মে’ তাৰিখে মহাৰাষ্ট্ৰৰ পুণেত ৷ পুণে বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইলেক্ট্ৰনিক কৌশল বিদ্যা বিভাগত স্বৰ্ণ পদকসহ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰে ৷ ইয়াৰ উপৰিও তেখেতে কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷

শিক্ষা জীৱন অন্ত কৰাৰ পিছতেই তেখেতে বিশাল বৰ্মা নামৰ ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হয় ৷ পঢ়ি থকা কালছোৱাতেই ব্ৰহ্মকুমাৰী কেন্দ্ৰৰ লগত শ্বিৱানী বৰ্মা জড়িত আছিল ৷ বহ্মকুমাৰী কেন্দ্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ আগতে তেখেতে ‘ ভাৰতীয় বিদ্যাপীঠ ‘ নামৰ এখন মহাবিদ্যালয়ত তিনি বছৰ প্ৰৱক্তা কৰিছিল ৷ প্ৰথম অৱস্থাত দিল্লীৰ দূৰদৰ্শনত ‘ ব্ৰহ্মকুমাৰী দূৰদৰ্শন উপস্থাপনৰ’ নেপথ্যৰ বিভিন্ন কামৰ লগত জড়িত আছিল ৷

বৰ্তমান তেখেত ভাৰতৰ বাহিৰৰ বিভিন্ন দেশ তথা অঞ্চল ভ্ৰমণ কৰি মানুহৰ মাজত আধ্যাত্মিক জ্ঞানৰ বক্তৃতা দিয়ে ৷ ২০১৭ চনত বিশ্ব মানসিক ৰোগ সংস্থা তথা শুভেচ্ছা দূত ৰূপে তেখেতক নিযুক্ত কৰিছিল ৷

২০১৪ চনত এচচিয়েটছ চেম্বাৰচ অব কমাৰ্চ এণ্ড ইন্দ্ৰাষ্ট্ৰী লেডিজ লিগ কতৃপক্ষই ‘ দশকৰ মহিলা অৰ্জনকাৰী ‘ পুৰস্কাৰে সন্মান জনাইছিল ৷ ২০১৯ চনত ভাৰত চৰকাৰে তেখেতক ‘ নাৰী শক্তি পুৰস্কাৰ ‘ প্ৰদান কৰিছিল ৷

Leave A Reply