ভাৰতীয় ষ্টেট বেংকে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহক সকলৰ মাজত সচেতনতা আৰু সজাগতা সৃষ্টিৰ  উদ্দেশ্যেৰে বিগত কিছু দিনৰে পৰা প্ৰতিটো অঞ্চলতে বিত্তীয় সাক্ষৰতা শিবিৰ মুকলি  কৰিছে৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাই অবিৰত ভাবে চলাই গৈছে সজাগতা অভিযান৷সেই মৰ্মে ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাই আজি পিৰাকটা গাঁও পঞ্চায়তৰ অধীনস্থ পিৰাকটা কছাৰী গাঁৱত অৱস্থিত ৰাজহুৱা সভা গৃহত বিত্তীয় সাক্ষৰতা অভিযানৰ উদ্যেশ্য এখনি সভাৰ আয়োজন কৰি ৰাইজক ভাৰতীয় ষ্টেট বেংকে আগবঢ়োৱা সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

উক্ত বিত্তীয় সাক্ষৰতা অভিযানৰ সভাত বিভিন্ন গ্ৰামাঞ্চলৰ মহিলা সকলৰ ব্যাপক সহাঁৰী দেখিবলৈ পোৱা গ’ল৷

Related Articles