নাজিৰাৰ সীমান্তৱৰ্তী লক্ষ্মীজান চাহ বাগিছাত PMAYআঁচনিৰ হিতাধিকাৰীৰ ধন হৰলুকি কৰাৰ অভিযোগ

শিৱসাগৰ জিলা নাজিৰাৰ সীমান্তৱৰ্তী লক্ষ্মীজান চাহ বাগিছাত Pmay আঁচনিৰ হিতাধিকাৰীৰ ধন হৰণলুকি কৰাৰ অভিযোগ!
এই অভিযোগত বিজেপিৰ ৰজাভেটা গাওঁ পঞ্চায়তৰ উপ -সভাপতি অমৃত তাঁতী, ৱাৰ্ড মেম্বাৰ বিষ্ণু হালৈ আৰু সহযোগী দুৰ্গা হালৈ আৰক্ষীৰ জালত।
লগতে কৃষ্ণ কণ্ড আৰু ৰাজেশ তাঁতী নামৰ আন দুজনক সোধা-পোছাৰ বাবে নিশা গেলেকী আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।


অভিযুক্তসকলক আৰক্ষীৰ তদন্তৰ আওতাৰ পৰা আঁতৰ কৰিবলৈ নিশা অন্যান্য শ্ৰেণীৰ লোক থানালৈ ৰাওনা হোৱাত উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ।
লক্ষ্মীজান চাহ বাগিছাৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জয় মাহালিৰ বিৰুদ্ধে প্ৰাপ্তঃবয়স্ক লোকক নিশা হাৰাশাস্তি কৰাৰ আন এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
এই খবৰে ৰাইজ আৰু সচেতন মহলৰ মাজত ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।

Related Articles