বিটিএডি ৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত সভাপতি ৰিপুন বৰাৰ দুখন সাংগঠনিক সভা:নামনী অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন হব নেকি?

আগন্তুক গাঁও পঞ্চায়ত ,লোকসভা আৰু বিধানসভা নিৰ্বাচনকলৈ নামনী অসমৰ ৫৬টা সমষ্টি দখলৰ আৰম্ভ বিটিএডি ত বিশেষ কুজকুৱাজ মুখ্যমন্ত্ৰী মমতাৰ তৃণমূল কংগ্ৰেছৰ: বিটিএডি ৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত সভাপতি ৰিপুন বৰাৰ দুখন সাংগঠনিক সভা:নামনী অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন হব নেকি?উত্তৰ পূৰ্বাঞ্চল তথা অসমত আৰম্ভ হৈছে আগন্তুক গাঁও পঞ্চায়ত, লোকসভা আৰু বিধানসভা নিৰ্বাচনক লৈ ব্যাপক ৰাজনৈতিক কুজকুৱাজ ! একেদৰে নামনি অসমৰ ৮খন জিলাত প্ৰায় ৫৬টা সমষ্টিকলৈ আৰম্ভ হৈছে ৰাজনৈতিক আক্ৰমণ ।মূলতঃ উজনি আৰু মধ্য অসমত শাসনাধিস্থ মিত্ৰজোঁট চৰকাৰৰ দল কেইটা সাংগঠনিক দিশত শক্তিশালী হৈ থকাৰ বিপৰীতে নামনি অসমত দুৰ্বল হৈ থকাৰ সুযোগ কোনো গুণে হেৰুৱাব বিচৰা নাই নতুনকৈ সংগঠিত হৈ ক্ৰমান্বয়ে শক্তিশালী হৈ পৰা পশ্চিমবংগ ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ আৰু নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন আম আদমী পাৰ্টি এই দুটা ৰাজনৈতিক দলে। আমি ইতিমধ্যে নামনি অসমৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত ইতিমধ্যে ৰাজনৈতিক পটভূমি পৰিৱৰ্তনৰ কেইবাটাও প্ৰতিবেদন জনসাধাৰণক অৱগত কৰি আহিছোঁ ।

আমি পুনৰ জনাব বিচাৰিছোঁ নামনি অসম তথা বিটিএডি এলেকাৰ চাৰিখন জিলাত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক আক্ৰমণৰ প্ৰতিবেদন।আজি বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও তেলীপাৰাত অৱস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ প্ৰথমটো সাংগঠনিক সভা অনুষ্ঠিত হয়।উক্ত সভাৰ অন্তত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল আয়োজন কৰে।

Related Articles