অসম লেখিকা সংস্থা, টিপং শাখাৰ দ্বি- বাৰ্ষিক অধিবেশন সম্পন্ন

তিনিচুকীয়া জিলাৰ লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিপং উচ্চ মাধ্যমিক বিদ্যালয়ত ২৬ জুন দেওবাৰে অসম লেখিকা সংস্থা, টিপং শাখাৰ দ্বি – বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। এদিনী়য়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অধিবেশন খনৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে অসম লেখিকা সংস্থাৰ সম্পাদিকা অঞ্জলি ৰাজকুমাৰীয়ে, স্মৃতি তৰ্পণ কৰে অসম লেখিকা সংস্থা টিপং শাখাৰ সদস্যা বিনা খনিকৰে। ইয়াৰ পাছতেই সমান্তৰালভাৱে মহিলা সকলৰ স্মৃতি পৰীক্ষা প্ৰতিযোগিতা, কাৰ্যনিৰ্বাহক বৈঠক আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়।

মুকলি সভাৰ শুভ উদ্বোধন কৰে অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মামণি গগৈ বৰুৱাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ ইনু মহন্ত। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী যোগমায়া গগৈ, অসম লেখিকা সংস্থাৰ সদস্যা অনন্দিতা গোস্বামী, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ ৰুঞ্জুন শইকীয়া, আৰু পাৰুল দেৱী দুৱৰা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা টুনু গগৈ শইকীয়া, প্ৰাক্তন অধ্যাপিকা চিত্ৰা বৰগোহাঞি।

অধিবেশনৰ লগত সংগতি ৰাখি “ক্ৰৌন্সাদন”নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ডক্টৰ ইনো মহন্তই। অসম লেখিকা সংস্থাৰ সংস্থাৰ সাংবিধানিক ৰীতি অনুযায়ী শ্রী মতী দময়ন্তী চেতিয়া গগৈক সভানেত্রী আৰু শ্রী মতী কাবেৰী গগৈ বৰুৱাক সম্পাদিকা হিচাবে লৈ ১১ জনীয়া নতুন সমিতিখন গঠন কৰা হয় |

Related Articles