Breaking

চাংসাৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰই

0 1,278

চাংসাৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী বিশেষ ভাৱে সক্ষম ছাত্ৰই।চাংসাৰিত বিগত প্ৰায় ১৬ বছৰ ধৰি ভাৰাতীয়া হিচাপে থকা আব্দুল মজিদ আলীয়ে এইবেলি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৮২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আব্দুলৰ পিতৃ এগৰাকী শ্ৰমিক। আৰ্থিক অভাৱ অনাটনৰ মাজতেই বাইহাটা চাৰিআলিস্থিত ৰামানুজন একাডেমীত কৰিছিল শিক্ষাগ্ৰহণ। ভবিষ্যতে এগৰাকী সু নাগৰিকৰ লগতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা আব্দুলৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো আব্দুলে লাভ কৰিছিল ৮৫ শতাংশ নম্বৰ। সহায় কৰিবলৈ আগবাঢ়ি আহিছিল অনেক জনে।

একাংশই সহায় কৰাৰ বিপৰীতে একাংশই দিছিল মিছা প্ৰতিশ্ৰুতি। আব্দুল আৰু আব্দুলৰ পৰিয়ালে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিছাৰিছে যাতে তেওঁ দেখা সপোন বাস্তবায়িত হয়।

Leave A Reply